চিৰাং, 28 জুলাইঃ নাঙলভাঙা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিগত সময়ছোৱাত চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা নকৰাত নিশ্চিহ্ণ হোৱাৰ দিশত নাঙলভাঙা, জয়পুৰ,হুটহুটি,শিশুবাৰী আদি কেবাখনো গাঁও । চিৰাঙৰ নাঙলভাঙাত ভূটানৰ পৰা নামি অহা পানীৰ ধলে নাঙলভাঙা নৈত সৃষ্টি কৰিছে ভয়ংকৰ গৰাখহনীয়াইৰ । চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দান বৰঙণিৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ । কিন্তু ইয়াৰ মাজতে দলে বলে বিটিচিৰ নিচিমা সমষ্টিৰ পৰিষদীয় সদস্য নিৰ্মল কুমাৰ ব্ৰহ্মই বাধা দিয়াৰ অভিযোগ ৰাইজৰ ৷
ৰাইজৰ কামত ৰজাঘৰীয়াৰ বাধা - চিৰাং
নাঙলভাঙা নৈৰ গৰাখহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ ওলাই আহিছিল চিৰাঙৰ নাঙলভাঙাৰ ৰাইজ । কিন্তু বিটিচিৰ নিচিমা সমষ্টিৰ পৰিষদীয় সদস্য নিৰ্মল কুমাৰ ব্ৰহ্মই আৰক্ষীৰ জড়িয়তে বাধা দি কাম বন্ধ কৰি দিয়াক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া
চিৰাং, 28 জুলাইঃ নাঙলভাঙা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিগত সময়ছোৱাত চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা নকৰাত নিশ্চিহ্ণ হোৱাৰ দিশত নাঙলভাঙা, জয়পুৰ,হুটহুটি,শিশুবাৰী আদি কেবাখনো গাঁও । চিৰাঙৰ নাঙলভাঙাত ভূটানৰ পৰা নামি অহা পানীৰ ধলে নাঙলভাঙা নৈত সৃষ্টি কৰিছে ভয়ংকৰ গৰাখহনীয়াইৰ । চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দান বৰঙণিৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ । কিন্তু ইয়াৰ মাজতে দলে বলে বিটিচিৰ নিচিমা সমষ্টিৰ পৰিষদীয় সদস্য নিৰ্মল কুমাৰ ব্ৰহ্মই বাধা দিয়াৰ অভিযোগ ৰাইজৰ ৷
Body: চিৰাং জিলাৰ নাঙলভাঙাত ভূটানৰ পৰা নামি অহা নাঙলভাঙা নদীৰ গৰাখহনিয়াই ভয়ানক ৰূপ ধাৰন কৰিছে । চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাত গাঁওবাসীয়ে চান্দা,দান বৰঙনি আদি উঠাই নাঙলভাঙা নদীৰ গৰাখহনিয়া প্ৰতিৰোধৰ চেষ্টা চলায় । কিন্ত ইয়াৰ মাজতে দলে বলে বিটিচিৰ নিচিমা সমষ্টীৰ পৰিষদীয় সদস্য নিৰ্মল কুমাৰ ব্ৰহ্মই বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে । নদীখনৰ গৰাখহনিয়া প্ৰতিৰোধৰ বাবে বিগত সময়ছোৱাত চৰকাৰ প্ৰশাসনে কোনো ধৰনৰ ব্যৱস্থা নকৰাত নিশ্চিহ্ণ হোৱাৰ দিশত নাঙলভাঙা, জয়পুৰ,হুটহুটি,শিশুবাৰী আদি কেবাখনো গাঁও । ইতিমধ্যে যোৱাটো বানত ব্যাপক ক্ষতিগ্ৰস্থ হৈছে এই সমুহ গাঁওৰ লোক। তাৰ পিচতো কোনো এজন জন প্ৰতিনিধি বা প্ৰশাসনৰ লোকে উক্ত অঞ্চল পৰিদৰ্শন কৰা নাছিল । গতিকে এই বাৰ চৰকাৰৰ প্ৰতি কোনো আশা নকৰি ৰাইজে নিজেই নদীৰ গৰাখহনিয়াৰ প্ৰতিৰোধ কৰিব ওলাইছিল । কাৰন কেবাটাও ঘৰ নদীত জাহ যোৱাৰ লগতে নাঙলভাঙা বজাৰ,নাঙলভাঙা নৱউদয় হাইস্কুল তথা আৰক্ষী চকী আদিক গৰাখহনিয়াৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেই ৰাইজে নিজেই ব্যৱস্থা লৈছিল যদিও বিটিচিৰ নিচিমা সমষ্টীৰ পৰিষদীয় সদস্য নিৰ্মল কুমাৰ ব্ৰহ্মই আৰক্ষীৰ জড়িয়তে বাধা দি কাম বন্ধ কৰি দিয়াক লৈ তিব্ৰ প্ৰতিক্ৰীয়া হয় । অৱশ্যে আজি বিটিচিৰ নিচিমা সমষ্টীৰ পৰিষদীয় সদস্য নিৰ্মল কুমাৰ ব্ৰহ্মই নিজেই জলসম্পদ বিভাগৰ সৈতে যোগাযোগ কৰি গৰাখহনিয়া প্ৰতিৰোধৰ বাবে কম সময়ৰ ভিতৰতে ব্যৱস্থা গ্ৰহনৰ আস্বাস দিয়ে । দুই এদিনৰ ভিতৰত উক্ত কাম নকৰিলে আকৌ ৰাইজে ওলাই আহি বল পুৰ্ব্বক ভাৱে গৰাখহনিয়াৰ প্ৰতিৰোধৰ কাম কৰিব বুলিও জনায় ।
বাইট : ৰাইজৰ তিনিটা বাইটৰ লগতে ১৫ নম্বৰ ফাইলটো নিৰ্মল ব্ৰহ্মৰ বাইট দিলো ।
Conclusion: এই নাঙল ভাঙাৰ লগতে তিনিটা ভিচিডিচিৰ প্ৰায় ৩৫ খন গাঁও বানপানী বা নদীৰ পানী বৃদ্ধি পালে নদীদ্বিপত আৱদ্ধ হৈ পৰে । কাৰণ চাৰিও দিশে নদী । আই নদী, টাক্লাই নদী,লাঙ্কাৰ নদী আৰু নাঙলভাঙা নদীৰ মাজত আৱদ্ধ হৈ পৰে এই সমুহ গাঁও কিয়নো নাও চলাচল বন্ধ হৈ পৰে । গৰাখহনিয়াই সেই সময়চোৱাত ভয়ানক হৈ পৰে । গতিকে গাঁওবাসীয়ে বিটিচি প্ৰশাসন,জিলা প্ৰশাসন,তথা অসম চৰকাৰৰ ওচৰত দাবী জনায় গাঁও সমুহক ৰক্ষা কৰাৰ বাবে ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।