চিৰাং,১৮ জুন: ক'ভিডৰ(Covid) সংক্ৰমণ সমগ্ৰ দেশতে অব্যাহত থকাৰ মাজতে নিৰাপত্তাহীনতাত ভূগিছে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকল । দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত শেহতীয়াকৈ কেইবাটাও ঘটনা সংঘটিত হৈছে য'ত ৰোগী তথা ৰোগী আত্মীয়ৰ আক্ৰমণৰ বলি হৈছে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকল । মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত কেৱল ৰোগীৰ বাবে দিনে নিশাই কষ্ট কৰা স্বাস্থ্যকৰ্মীসকলক আক্ৰমণৰ ঘটনা গৰিহণা দিছে বিভিন্নজনে । তেওঁলোকৰ সুৰক্ষাৰ বাবেও বহু দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।
এইবাৰ খোদ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী নামিছে প্ৰতিবাদত । নিৰাপত্তা বিচাৰি চিৰাং জিলা সদৰ কাজলগাঁৱস্থিত জে.এচ.বি অসামৰিক চিকিৎসালয়ত(JSB Civil Hospital) চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । পুৱা ১১ বজাত ক'লা বেজ পৰিধান কৰি চিকিৎসালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে স্বাস্থ্যকৰ্মীসকলে ।
চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰা, চিকিৎসা কৰ্মীক আক্ৰমণ বন্ধ কৰা আদি বিভিন্ন দাবীৰে হাতত প্লেকাৰ্ড লৈ চিকিৎসাকৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত চিকিৎসাকৰ্মী আক্ৰমণৰ ঘটনাকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক:ডিব্ৰুগড়ৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা ঊষাৰাণী বৰুৱাৰ বিয়োগ