ETV Bharat / state

প্ৰসংগ ডি ভোটাৰঃ আতংকিত চিৰাঙৰ জনতা - ডিটেনচন কেম্প

ডি ভোটাৰৰ বাবে আতংকিত হৈ উঠিছে চিৰাঙবাসী, অঞ্চলটোৰ ক্ষিতিনাথ সিংহ নামৰ এজন বৰ্তমানেও আছে ডিটেনচন কেম্পত ৷ পিতৃৰ উপাধিৰ লগত নিমিলাৰ বাবেই 2016-10-03 তে কেম্পলৈ প্ৰেৰণ কৰা হৈছিল ক্ষিতিনাথ সিংহক ৷

ডি ভোটাৰৰ সন্ত্ৰাসত আতংকিত চিৰাঙবাসী
author img

By

Published : Jun 16, 2019, 11:15 PM IST

চিৰাং,১৬জুন: ডি ভোটাৰৰ সন্ত্ৰাসত আতংকিত চিৰাঙৰ বহু এলেকা । নিজ মাটিতে প্ৰকৃত ভাৰতীয় এতিয়া অসহায় হৈ পৰিছে । সীমান্ত আৰক্ষীয়ে ডিটেনচন কেম্পলৈ পঠোৱাৰ ভয়ত দিন-ৰাতি কটাবলগীয়া হৈছে চিৰাংবাসী ।

উল্লেখ্য যে, সোনাউল্লাহ,মধুবালাৰ দৰে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 4নং দৈলংঝাৰৰ ক্ষিতিনাথ সিংহ নামৰ ভাৰতীয় ব্যক্তিজনৰ পিতৃৰ উপাধিৰ লগত বেমেজালি থকাৰ বাবে যাব লগীয়া হৈছিল ডিটেনচন কেম্পলৈ । দিন-হাজিৰা কৰি 2016-10-03- ইং তাৰিখে যাব লগীয়া হৈছিল ডিটেনচন কেম্পলৈ । তিনি বছৰতকৈ অধিক সময় ধৰি ডিটেনচন কেম্পত কটোৱা লোকজনক কেম্পৰ পৰা উলিয়াই অনাৰ বাবে নিজ ভেটি-মাটি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটি । সকলো বৈধ নথি থকাৰ পিছতো এতিয়া যমৰ যাতনা ভুগিব লগা হৈছে ক্ষিতিনাথ সিংহ আৰু তেওঁৰ পৰিয়ালে । অসহায় পত্নীৰ লগতে দুটাকৈ নাবালক পুত্ৰই এতিয়া দিক-বিদিক হেৰুবাই আশ্ৰয় লৈছে তেওঁলোকৰ সম্পৰ্কীয় এজনৰ ঘৰত । ইফালে, বহুদিন ধৰি অসুস্থ হৈ আছে ক্ষিতিনাথ সিংহৰ পত্নী নিজোবালা সিংহ । গাঁওবাসীৰ এতিয়া দাবী বিনা চৰ্তে মুকলি কৰি দিব লাগে ক্ষিতিনাথ সিংহক । এই ঘটনাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলটোৰ একাংশ লোক । ডিটেনচন কেম্পলৈ যোৱাৰ ভয়ত দিন-ৰাতি কটাবলগীয়া হৈছে গাঁওবাসী ।

Intro:"ডি" ভোটাৰৰ সন্ত্ৰাসত আতংকিত চিৰাঙৰ বিভিন্ন এলেকাৰ লোক । প্রকৃত ভাৰতীয় এতিয়া নিজ দেশতে আতংকৰ মাজত জীয়াই থাকিবলৈ লগীয়া হৈছে । কোন সময়ত বা কেতিয়া সীমান্ত আৰক্ষীয়ে আটক কৰি ডিটেনচন কেম্পত পঠায় সেই লৈ সকলোৰে মনত ভয়ৰ ভাৱ দেখিবলৈ পোৱা গৈছে ।
Body:কেতিয়া কোন ভাৰতীয়ক আটক কৰে তাৰ কোনো যেন ঠিক নাই। সোনাউল্লা,মধুবালাৰ দৰে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 4নং দৈলংঝাৰত সংঘটিত হৈছে অনুৰূপ ঘটনা ক্ষিতিনাথ সিংহ নামৰ ভাৰতীয় ব্যাক্তিজনে নাগৰিকত্বৰ প্ৰমান দিব পৰা সকলো নথী আছে মাথো পিতৃৰ নামৰ উপাধীৰ বেমেজালীৰ বাবেই আজি বিদেশীৰ নামত ডিটেনচন কেম্পত বন্দি হৈ থাকুবলগীয়া হৈছে । দিন হাজিৰা কৰি সংসাৰ চলাই থকা ক্ষিতিনাথ সিংহ পিতৃৰ উপাধিৰ সৈতে অমিল থকাত 10-03-2016 ইং তাৰিখৰ পৰা তিনি বছৰতকৈ অধিক সময় ধৰি ডিটেনচন কেম্পত যমৰ যাতনা ভূগিবলগীয়া হৈছে।ক্ষিতিনাথ সিংহক ডিটেনচন কেম্পৰ পৰা উলিয়াই আনিবলৈ নিজ ভিটি মাটি বিক্ৰী কৰি সৰ্বস্ৰান্ত পৰিয়ালটি । সকলো বৈধ নথি থকাৰ পিছতো এতিয়া যমৰ যাতনা ভুগিব লগা হৈছে ক্ষিতিনাথ সিংহ আৰু তেওঁৰ পৰিয়াল। অসহায় পত্নীসহ দুটাকৈ নাবালক পুত্ৰ এতিয়া দিক বিদিশ হেৰুবাই ক্ষিতিনাথ সিংহৰ পত্নী নিজোলা সিংহ আশ্ৰয় লৈছে একেখন গাওঁত গাঁওতে থজা তেওঁৰ বাইদেউৰ ঘৰত।ক্ষিতিনাথ সিংহৰ পত্নী নিজোলা সিংহও মানসিক ভাৰসাম্য হেৰুৱাৰ পথত। বহুদিন ধৰি অসুস্থ ক্ষিতিনাথ সিংহৰ পত্নী নিজোবালা সিংহ কোনোমতে দুবেলা দুমুঠি অন্ন গ্ৰহন কৰি বাদেউৰ ঘৰত আশ্ৰয় লৈ স্বামী বিহীন ভাবে দিন অতিবাহিত কৰিছে।আজিলৈকে কোনো দল সংগঠন আনকি জন প্ৰতিনিধিয়ে খৱৰ লোৱা নাই দুৰ্পভগীয়া পৰিয়ালটো কেনেকৈ জীয়াই আছে।গাঁওবাসীৰ দাবী বিনা চৰ্তে মুকলি কৰি দিব লাগে ক্ষিতিনাথ সিংহক।কিন্তু প্ৰশাসনে জানো ক্ষিতিনাথ সিংহ ও তেওঁৰ পৰিয়ালৰ কৰুণগাথা বুজি পাব ? আৰু কিমান দিন "ডি" ভোটাৰৰ সন্ত্ৰাসৰ বাবে আতংকিত হৈ জীয়াই থাকিব লাগিব চিৰাংবাসী। কেতিয়া অন্ত পৰিব এই "ডি" ভোটাৰৰ সন্ত্ৰাস ? এয়া এতিয়া লাখটকীয়া প্ৰশ্ন ।

বাইট : তিনিটা বাইট দিলো । Conclusion:কিমান দিন "ডি" ভোটাৰৰ সন্ত্ৰাসৰ বাবে আতংকিত হৈ জীয়াই থাকিব লাগিব চিৰাংবাসী। কেতিয়া অন্ত পৰিব এই "ডি" ভোটাৰৰ সন্ত্ৰাস ? এয়া এতিয়া লাখটকীয়া প্ৰশ্ন ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.