চিৰাং,১৬ জানুৱাৰী: বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰে সমগ্ৰ দেশতে আৰম্ভ হ'ল COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । অসমৰ জিলাসমূহতো ৬৫ টা স্থানত শনিবাৰে COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় ।

চিৰাং জিলাৰ জোহৌলাও শ্বৌমলা বসুমতাৰী অসামৰিক চিকিৎসালয়ত টীকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰা হয় ।

চিকিৎসকসহ মুঠ ১০০ গৰাকী স্বাস্থ্য কৰ্মীক প্ৰতিষেধক প্ৰদান কৰে । কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশমৰ্মে ক'ভিশ্বিল্ড নামৰ প্ৰতিষেধক প্ৰদান কৰা হয় ।

COVID-১৯ৰ প্ৰতিষেধক প্ৰদানৰ সময়ত চিকিৎসালয়খনত উপস্থিত থাকে বিশ্ব স্বাস্থ্য সংস্থাৰ ক্ষেত্ৰীয় সঞ্চালক ডাঃ হীৰেণ গগৈ, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি ডাঃ পলাশ তালুকদাৰ, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈ, জিলা প্ৰতিষেধক বিষয়া ডাঃ সনাতন দাস, জোহৌলাও শ্বৌমলা বসুমতাৰী চিকিৎসালয়ৰ অধ্যক্ষ মনোজ দাসসহ কেইবাগৰাকীও বিষয়া ।

সম্পূৰ্ণ চৰকাৰী নিৰ্দেশনা মানি শনিবাৰে প্ৰতিষেধক প্ৰদান কৰা হয় ।
লগতে পঢ়ক:সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত