ETV Bharat / state

ঘৰলৈ যাবলৈ দিয়া হ'ল সুস্থ হৈ উঠা তিনি কোভিড-19 ৰোগীক - কোভিড-19ত সংক্ৰমণ

চিৰাং জিলাৰ কাজলগাঁও জেএছবি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা তিনিগৰাকী কোভিড-19 ৰোগীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ চেন্নাইৰ পৰা আহি চিৰাঙৰ সদৰ কাজলগাঁও হাইস্কুল কোৱাৰেন্টাইন কেন্দ্ৰত থকা সময়ত পাপন ইশ্বৱাৰী, ছেভিয় বৰগয়াৰী আৰু প্ৰকাশ নাৰ্জাৰী 23মে'ত কোভিড-19ত সংক্ৰমণ হোৱা বুলি নিশ্চিত হৈছিল ৷

ঘৰলৈ যাবলৈ দিয়া হ'ল সুস্থ হৈ উঠা তিনি কোভিড-19 ৰোগীক

author img

By

Published : Jun 15, 2020, 2:00 AM IST

চিৰাং, 14 জুন : চিৰাঙত সম্পূৰ্ণ সুস্থ হৈ উঠা তিনি কৰ'ণা ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় । চিৰাং জিলাৰ কাজলগাঁও জেএছবি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা তিনিগৰাকী কোভিড-19 ৰোগীক দেওবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷

চেন্নাইৰ পৰা আহি চিৰাঙৰ সদৰ কাজলগাঁও হাইস্কুল কোৱাৰেন্টাইন কেন্দ্ৰত থকা সময়ত পাপন ইশ্বৱাৰী, ছেভিয় বৰগয়াৰী আৰু প্ৰকাশ নাৰ্জাৰী 23মে'ত কোভিড-19ত সংক্ৰমণ হোৱা বুলি নিশ্চিত হৈছিল ৷ সিদিনাই জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে তিনিওকে কাজলগাঁও জেএছবি চিকিৎসালয়ত আইচলেচন কোঠাত ভৰ্তি কৰে ৷

ঘৰলৈ যাবলৈ দিয়া হ'ল সুস্থ হৈ উঠা তিনি কোভিড-19 ৰোগীক

সম্প্ৰতি সম্পূৰ্ণ সুস্থ হৈ উঠাত উল্লেখিত তিনি যুৱকক জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, চিকিৎসক ডাঃ দ্বীগেন ৰামছিয়াৰী, ডাঃ ৰাজেশ পাণ্ডে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চিৰাঙৰ মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদৰ লগতে স্বাস্থ্য সেৱা বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত তেওঁলোকক আৰণাই প্ৰদানেৰে আদৰণি জনাই চৰকাৰীভাৱে ঘৰলৈ পঠিয়াই দিয়া হয় । চিৰাং জিলাৰ বাবে এয়া সুখবৰ বুলি কয় চিকিৎসকসকলে । সমগ্ৰ দেশত যি হাৰত কৰ'ণা ৰোগীৰ সংখ‍্যা বৃদ্ধি পাইছে সেই সময়ত চিৰাং জিলাত তিনিজন ৰোগীক সুস্থ কৰি ঘৰলৈ পঠিয়াই দিয়া এক সুন্দৰ সাফল‍্য হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়কঃ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ বিধায়ক ৱাজেদ আলীৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.