চিৰাং, 1 নৱেম্বৰ : চিৰাঙৰ কাজলগাঁৱৰ শালঝোৰাত দেওবাৰে বিটিআৰ আয়োগৰ সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয়, এইবাৰৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিটিচিৰ ভোটাৰ ৰাইজে হাগ্ৰামাৰ বিপিএফৰ জংঘলৰাজ ওফৰাই বিটিআৰত এক সুস্থ চৰকাৰ গঠন কৰিব ৷ তেওঁ উল্লেখ কৰা অনুসৰি, বিগত 17 বছৰে বিপিএফে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত জংঘলৰাজ চলাই আহিছে ৷ আগন্তুত বিটিচি নিৰ্বাচনত বিপিএফৰ পৰাজয় নিশ্চিত বুলিও কয় তেওঁ ৷ আনহাতে হাগ্ৰামা মহিলাৰীয়ে জাতি-জনগোষ্ঠী সমূহক সম-অধিকাৰ সম-মৰ্যাদা দিব নোৱাৰাৰ ফলতে বড়ো-অবড়োৰ সৃষ্টি হ'ল বুলিও অভিযোগ কৰে দ্বীপেন বড়োৱে ৷
ইয়াৰোপৰি দীৰ্ঘ দিনৰ অন্তত উগ্ৰপন্থী সমস্যাৰ সমাধান হৈ শান্তি চুক্তিৰ জড়িয়তে বিটিআৰ হ'ল ৷ সেই চুক্তিৰ জৰিয়তে বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে সম-অধিকাৰ, সম-মৰ্যাদা লাভ কৰিব ভূমিৰ অধিকাৰ পাব ৷ দুৰ্নীতি মুক্ত চৰকাৰে বিটিআৰত উন্নয়ন কৰিব ৷ তাত দুৰ্নীতিৰ কোনো স্থান নাথাকিব বুলিও নিশ্চয়তা প্ৰদান কৰে এবছুৰ সভাপতি দ্বিপেন বড়োৱে ৷ সভাত এবছুৰ উপ-সভাপতি তথা বিটিআৰ সীমা নিৰ্ধাৰণ আয়োগৰ সদস্য জয়ন্ত বসুমতাৰীয়েও হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মক কটাক্ষ কৰি বহু সমালোচনা আগবঢ়ায় ৷