চিৰাঙ,11 অক্টোবৰঃ শুকুৰবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁওত গড়কপ্তানি বিভাগৰ অতিথিশালাত বড়োলেণ্ড ছাত্ৰ সন্থাই এক সংবাদমেলৰ আহ্বান কৰে । বিটিচিৰ শাসকীয় দল বিপিএফৰ সহযোগী কেইবাটাও সংগঠনে আহ্বান কৰা সংবাদমেলত কোকৰাঝাৰ আৰু চিৰাঙ জিলাত সংঘটিত হোৱা স্প্ৰে-মেন আৰু সোপাধৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে সংগঠনটোৱে ৷ বিটিচিৰ জনসাধাৰণক নিৰাপত্তা প্ৰদানত প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ কৰি কয় যে, প্ৰতিবাৰেই বিটিচিত নিৰ্বাচনৰ আগে আগে এই ধৰণৰ ঘটনা সংঘটিত কৰে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে । এনেধৰণৰ ঘটনাই বিটিএডি এলেকাত বসবাস কৰা বিভিন্ন জাতি-সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰাৰ আশংকা অধিক ঘনীভূত হোৱা বুলি মন্তব্য কৰে বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি সুগুংশ্বাৰ বসুমতাৰীয়ে ৷
সেয়ে বিটিচিৰ পৰিষদীয় নিৰ্বাচন সমাগত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সংগঠনটোৱে সেয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ বাবে চিৰাং জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি সকলো জনসাধাৰণৰ লগতে বিশেষকৈ মহিলাসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদানৰ দাবীত স্মাৰক প্ৰদান কৰে । বড়োলেণ্ড ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি সুগুংশ্বাৰ বসুমতাৰী, সাধাৰণ সম্পাদক বঞ্জিত মঞ্জিল বসুমতাৰী, চিৰাং জিলা সভাপতি অশোক কুমাৰ ব্ৰহ্ম, যুৱ বিপিএফৰ নেতৃত্বৰ লগতে বড়োলেণ্ড ইউনিভাৰ্ছিটীৰ ছাত্ৰ সন্থাৰ নেতৃত্ব আৰু কেবাখনো কলেজৰ ছাত্ৰ সন্থাৰ নেতৃত্ব উপস্থিত থাকে এই সংবাদ মেলত ।
আৰু পঢ়ক