ETV Bharat / state

বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বি পি এফৰ অনশন

বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত চিৰাঙৰ ৭টা পৰিষদীয় সমষ্টিত বি পি এফৰ অনশন কাৰ্যসূচী। ৪ঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে বি পি এফৰ নেতা-কৰ্মীয়ে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ বিপিএফৰ।

author img

By

Published : Oct 2, 2020, 6:29 PM IST

বি টি চিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বি পি এফৰ অনশন

চিৰাং, ২অক্টোবৰ: বি টি চিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত অব্যাহত আছে প্ৰতিবাদ। বি পি এফে আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে চিৰাঙৰ ৭টা পৰিষদীয় সমষ্টিত ৪ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে বি পি এফৰ কৰ্মকৰ্তাই। জিলা সদৰ কাজলগাঁৱৰ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বি পি এফৰ মহিলা কোষৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মই। মিত্ৰজোঁটত থকাৰ পিছতো বি জে পিয়ে ইউ পি পি এল দলক অধিক গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে মিত্ৰতাৰ প্ৰতি আন্তৰিকতা নোহোৱা বুলিও মন্তব্য কৰে বি পি এফৰ মহিলা কোষৰ সভানেত্ৰীগৰাকীয়ে।

লগতে অসম চৰকাৰে বি টি চি নিৰ্বাচনক লৈ ৰাজনীতি কৰা বুলি অভিযোগ তোলে। শীঘ্ৰেই বি পি এফৰ কাৰ্যনিৰ্বাহক সভাত বিজেপিৰে মিত্ৰতা থাকিব নে নাই সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলিও জনায় বি পি এফৰ মহিলা কোষৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মই। উল্লেখ্য যে, ২৭ অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিগত কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে আন্দোলন চলাই গৈছে বি পি এফে। শুক্ৰবাৰে চিৰাঙৰ ৭টা পৰিষদীয় সমষ্টি ক্ৰমে ১৩নং চিৰাং,১৪নং চিৰাং দুৱাৰ,১৫নং কাজলগাঁও,১৬নং নিচিমা,১৭নং সুবাইঝাৰ,১৮নং মানাহ সেৰফাং,১৯নং থুৰিবাৰীত বি পি এফ দলৰ পৃথক পৃথক ব্লক কমিটীসমুহে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.