ETV Bharat / state

ভাৰত-ভূটান সীমান্তৰ লাইমুতিত স্থাপন হ'ল প্ৰথমখন দলং - বিটিআৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী

আন ঠাইৰ লগত সংযোগ স্থাপনৰ বাবে যোগাযোগৰ কোনো ব্যৱস্থা নথকা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ লাইমুতিত এখন দলং উদ্ধোধন কৰে স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৷ এনডিএফবিৰ ঘাটি ৰূপে জনাজাত হোৱা অঞ্চলটোত বিটিআৰৰ পৰা আৱন্টন দিয়া দুই লাখ টকা আৰু ৰাইজৰ অনুদানেৰে দলং নিৰ্মাণ কৰি অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান দিয়ে ৷

ভাৰত-ভূটান সীমান্তৰ লাইমুতিত স্থাপন হ'ল প্ৰথমখন দলং

author img

By

Published : May 29, 2021, 6:20 AM IST

চিৰাং,28 মে': শুকুৰবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ লাইমুতিত এখন দলং উদ্ধোধন কৰে স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰীয়ে ৷ আন ঠাইৰ লগত সংযোগ স্থাপনৰ বাবে যোগাযোগৰ কোনো ব্যৱস্থা নথকা অঞ্চলটোত ইউপিপিএলে পৰিষদ গঠন কৰাৰ পাচতে গুৰুত্ব প্ৰদান কৰি অঞ্চলটোৰ যাতায়াতৰ বাবে বাট-পথৰ লগতে দলং নিৰ্মাণ কৰাত গুৰুত্ব প্ৰদান কৰি প্ৰথমখন দলং নিৰ্মাণ কৰে ৷ এনডিএফবিৰ ঘাটি ৰূপে জনাজাত হোৱা অঞ্চলটোত বিটিআৰৰ পৰা আৱন্টন দিয়া দুই লাখ টকা আৰু ৰাইজৰ অনুদানেৰে দলং নিৰ্মাণ কৰি অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান দিয়ে ৷

ভাৰত-ভূটান সীমান্তৰ লাইমুতিত স্থাপন হ'ল প্ৰথমখন দলং

উল্লেখ্যে যে, বিধায়ক জয়ন্ত বসুমতাৰীয়ে অঞ্চলটোত শিক্ষানুষ্ঠান গঢ়ি তোলা,যাতায়াত তথা যোগাযোগ আৰু স্বাস্থ্য ব্যৱস্থাৰ বাবে চিকিৎসালয় তথা অন্যান্য উন্নয়নৰ কাম কৰাৰ বাবে ব্যৱস্থা ল'ব বুলিও ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ মহামাৰী ক'ভিডৰ এই সময়চোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন পাঠদান ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও বৃহত্তৰ অঞ্চলটোত নেটৱৰ্ক নথকাত ছাত্ৰ-ছাত্ৰীয়ে পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । গতিকে অঞ্চলটোত অতি শীঘ্ৰে ম'বাইল টাৱাৰ স্থাপনৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হ'ব বুলি বিধায়কজনে উল্লেখ কৰে ৷

ইফালে,বিটিআৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে পৰেশ বৰুৱা আহিলে অসমত উন্নয়ণমূলক কাম কৰিব পাৰিব বুলি উল্লেখ কৰে ৷ কাৰ্যবাহী সদস্যগৰাকীয়ে এনএলএফবি সন্দৰ্ভত কয় যে, এই বিষয়টো অলপ সুকীয়া । আৱেগিকভাৱে কাৰোবাৰ উচটনিত এনএলএফবি গঠন হৈছিল । কিন্তু এতিয়া তেওঁলোক অনুতপ্ত হৈছে,যি উদ্দেশ্যেৰে তেওঁলোকে এনএলএফবি গঠন কৰিছিল তেওঁলোক সফল নহ'ল ৷ মোৰ বিশ্বাস আমি আকৌ মৰমৰ এনাজৰিৰে বান্ধি ৰাখি সকলোৱে একগোট হৈ আগবাঢ়ি যাব পাৰিম ।

লগতে পঢ়ক: নগাঁৱত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ গুলীয়াগুলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.