ETV Bharat / state

অবড়ো সুৰক্ষা সমিতি এৰিলে চিৰাঙৰ জিলাৰ তিনি সাংগঠনিক সদস্যই

author img

By

Published : Dec 9, 2020, 5:30 PM IST

বিজনী জিলা সমিতিৰ সম্পাদক আজিজ আহমেদ, মুখ‍্য উপদেষ্টা প্ৰমোদ ৰায় আৰু আৰু সাংগঠনিক সম্পাদক কাৰ্তিকচন্দ্ৰ দাসে অবড়ো সুৰক্ষা সমিতি এৰি বুধবাৰে বিপিএফ দলত যোগদান কৰে । তেওঁলোকে ক'লে বিটিচিৰ সমবিকাশত হেঙাৰ সৃষ্টি কৰি আহিছে অবড়ো সুৰক্ষা সমিতিয়ে ৷

Chirang Bijni oboro leader join BPF
অবড়ো সুৰক্ষা সমিতি এৰিলে চিৰাঙৰ জিলাৰ তিনি সাংগঠনিক সদস্যই

চিৰাং, 9 ডিচেম্বৰ : বিটিআৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ আগতে অবড়ো সুৰক্ষা সমিতিৰ চিৰাং জিলাৰ সাংগঠনিক ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ কিয়নো চিৰাঙৰ জিলাৰ বিজনী পাণবাৰীত অবড়ো সুৰক্ষা সমিতিৰ বিজনী জিলা সমিতিৰ সম্পাদক আজিজ আহমেদ, মুখ‍্য উপদেষ্টা প্ৰমোদ ৰায় আৰু আৰু সাংগঠনিক সম্পাদক কাৰ্তিকচন্দ্ৰ দাসে অবড়ো সুৰক্ষা সমিতি এৰি বুধবাৰে বিপিএফ দলত যোগদান কৰে ।

বিপিএফত যোগদান কৰি সম্পাদক আজিজ আহমেদে কয়, 'চিৰাং জিলাৰ সমিতিৰ 25 জন সদস্যৰ সৈতে আমি আজি বিপিএফত যোগদান কৰিছো ৷ ইয়াৰ কাৰণ বিপিএফৰ প্ৰধান নেতা হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ সকলো জাতি-জনগোষ্ঠীক এক কৰি সামগ্ৰীক উন্নয়নৰ হকে কাম কৰি আহিছে ৷' ইয়াৰ বিপৰীতে অবড়ো সুৰক্ষা সমিতিয়ে কিছুমানত বিষয় ইচ্ছু হিচাপে লৈ বিটিচিৰ সমবিকাশত হেঙাৰ সৃষ্টি কৰি আহিছে বুলিও মন্তব্য প্ৰকাশ কৰে সম্পাদক গৰাকীয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া চিৰাঙত পৰিলক্ষিত হৈছে ব্যাপক তৎপৰতা । বিটিআৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোটগ্ৰহণত চিৰাং জিলাৰ মুঠ সাতটা পৰিষদীয় সমষ্টিৰ মুঠ 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ৷ জিলাখনত এইবাৰ মুঠ 368188 জন ভোটাৰ ভিতৰত 184683 পুৰুষ ভোটাৰ আৰু 183505 গৰাকী মহিলা ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব পছন্দৰ প্ৰাৰ্থীসকলৰ ৷

লগতে পঢ়তঃ মুকলি হ'ল সাংসদ নৱ কুমাৰ শৰণীয়াঃধন বিতৰণৰ অভিযোগ নস্যাৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.