চিৰাং,15 মাৰ্চ: ৰাজ্যত সঘনে দেখিবলৈ পোৱা গৈছে নিৰ্বাচনকেন্দ্ৰিক সংঘাত ৷ দেওবাৰে নিশা তেনে এক পৰিস্থিতি সৃষ্টি হয় চিৰাং জিলাৰ ৩৩নং বিজনী বিধানসভা সমষ্টিত ৷ একাংশ দলীয় বিজেপি কৰ্মীয়ে ভাঙি-চিঙি চুৰমাৰ কৰে ৰণজিৎ দাসৰ লগতে দলীয় বেনাৰ-পোষ্টাৰ ৷
চিৰাং জিলাৰ ৩৩নং বিজনী বিধানসভা সমষ্টিত পুৰণি বিজেপি কৰ্মী অৰূপ নাথক বঞ্চিত কৰি ন-বিজেপি অজয় কুমাৰ ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বই ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে একাংশ বিজেপি কৰ্মী ৷
ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ বেনাৰ-পোষ্টাৰ ফালি দেওবাৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰে অৰূপ নাথৰ সমৰ্থকসকলে ৷ প্ৰতিবাদস্থলীত ৰণজিৎ দাস মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে অৰূপ নাথৰ সমৰ্থকসকলে ৷
লগতে পঢ়ক: নগাঁৱৰ ভোটাৰে নাজানে নিৰ্বাচনৰ তাৰিখ !