চিৰাং,22 মাৰ্চ: তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনাখন জনজাতি সংৰক্ষিত ৩১ নং চিদলী সমষ্টিৰ পৰা কোনো এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা নাই যদিও, ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ পৰা দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে ৷ নাথুৰাম বাঢ়ৈ আৰু আব্দুল ৰছিদ নামৰ প্ৰাৰ্থী দুগৰাকীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত মুঠ আঠ গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোত নিৰ্বাচনত অৱতীৰ্ণ হোৱাতো চূড়ান্ত হয় ৷
সম্প্ৰতি ৩১ নং চিদলী সমষ্টিত বিপিএফৰ চন্দন ব্ৰহ্ম, ইউপিপিএলৰ জয়ন্ত বসুমতাৰী, জে ডি (ইউ)ৰ ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী জিছয়া ছাম্প্ৰামাৰী আৰু একমাত্ৰ মহিলা প্ৰাৰ্থী স্মৃতি বসুমতাৰীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।
লগতে পঢ়ক: গেৰাণ্টি নিদিওঁ,কামেৰে কৰি দেখুৱাও: হিমন্ত বিশ্ব শৰ্মা