চিৰাং, 21 অক্টোবৰ : ভূটানৰ জেলত মৃত্যু হোৱা লোকৰ মৃতদেহ চিৰাং আৰক্ষীক গতালে ভূটানে । ২৬ বছৰ ভূটানৰ জেলত বন্দি থকাৰ পিচত মঙ্গলবাৰে মৃতদেহ আহি পালে চিৰাং । পুত্ৰই চিনাক্ত কৰিব নোৱাৰিলে পিতৃৰ মৃতদেহ । ২৬ বছৰ পুৰ্ব্বে দুবছৰীয়া সন্তান সহ পৰিয়ালক এৰি ভূটানৰ জেলত বন্দী হোৱা লোকৰ মৃতদেহ মঙ্গলবাৰে চিৰাং আৰক্ষীক চমজালে ভূটানে । দুবছৰীয়া পুত্ৰ আজি ২৮ বছৰীয়া হ‘ল, পিতৃৰ মৃতদেহ চিনাক্ত কৰিব নোৱাৰিলে পুত্ৰই ।
![chirang-bhutan-handed-over-indian-citizen-deadbody](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangbhutanhandedoverindiancitizendeadbody-vis-10012_21102020151021_2110f_1603273221_801.jpg)
জানিৱ পৰা মতে, ১৯৯৪ চনত বৰ্তমানৰ চিৰাং জিলাৰ (তেতিয়াৰ বঙাইগাঁও জিলা) আমগুৰি থানাৰ অন্তৰ্গত ৰাণীঝোৰাৰ বাসিন্দা খৰ্গ বাহাদুৰ প্ৰধান নামৰ লোক জনে ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলৰ পৰা পিপ’ল সংগ্ৰহ কৰি বিক্ৰী কৰে । এদিন পিপ’ল বিচাৰি বিচাৰি ভুটানত প্ৰৱেশ কৰে আৰু ভুটান আৰ্মীৰ হাতত ধৰা পৰি জেলত যাবলগীয়া হয়। অৱশ্যে এই বিষয়ে অজ্ঞ আছিল পৰিয়ালৰ লোক । অতিকে দৰিদ্ৰ পৰিয়ালটিৰ আন কোনো লোক নথকাত খবৰ লব নোৱাৰি লোকজন নিৰুদ্দেশ হোৱা বুলিয়ে ধৰি লয় ।
আৰক্ষীয়ে প্ৰকাশ কৰে যে, খৰ্গ বাহাদুৰ প্ৰধান নামৰ লোকজন ধৰ্ষণ আৰু হত্যাৰ গোচৰত ভূটানত ৩০ বছৰ জেলত বন্দী হৈ আছিল ১৯৯৪ চনৰ পৰা । লোক জনৰ পুতেক ছানু বাহাদুৰ প্ৰধান দুবছৰীয়া থকা অৱস্থাতে পিতৃৰ জেল হৈছিল । তাৰ পিচত মাতৃয়ে তুলি তালি ডাঙৰ কৰিছিল ছানু বাহাদুৰ প্ৰধানক । এতিয়া সেই পুত্ৰৰ বয়স ২৮ বছৰ। ইতিমধ্যে কেইবছৰ মান পুৰ্বে মাতৃৰো মৃত্যু হৈছে । এনে অৱস্থাত হঠাতে মঙলবাৰে ২৬ বছৰৰ পিচত চিৰাং আৰক্ষীয়ে ছানু বাহাদুৰ প্ৰধানক বিচাৰি উলিয়ালে তেওৰ পিতৃক চিনাক্ত কৰাৰ বাবে । কাৰণ পিতৃ খৰ্গ বাহাদুৰ প্ৰধানৰ মৃত্যু হৈছে ভূটানৰ জেলত। তাৰ পিচত ভূটানে ভাৰতীয় দুতাবাসৰ জৰিয়তে চিৰাং জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি মঙলবাৰে বিয়লি ৫ বজাত ভূটানৰ দাদগিৰি গেটেৰে মৃতদেহ চমজাই দিয়ে চিৰাং জিলা প্ৰশাসনক ।
![chirang-bhutan-handed-over-indian-citizen-deadbody](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangbhutanhandedoverindiancitizendeadbody-vis-10012_21102020151021_2110f_1603273221_1011.jpg)
ইফালে ছানু বাহাদুৰক চিৰাং আৰক্ষীয়ে পিতৃক চিনাক্ত কৰা আৰু মৃতদেহ চমজি লোৱাৰ বাবে মাতি পঠিয়াই । সেই মতে পুতেক দাদগিৰিত উপস্থিত হয় যদিও দুবছৰীয়া হৈ থকাৰে পৰা পিতৃক নেদেখাজনে পিতৃৰ মৃতদেহ চিনাক্ত কৰিব নোৱাৰিলেও গাঁও বাসীৰ কথাৰ ওপৰত ভিত্তি কৰি মৃতদেহ চমজি লোৱাৰ পিচত চিৰাং আৰক্ষীয়ে মৃতদেহ আনি আমগুৰি থানাত নিশাটো ৰাখে । বুধবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আমগুৰি আৰক্ষীয়ে পুত্ৰক চজাই দিব মৃতদেহ ।
লগতে পঢ়ক: ডিমা হাছাওত দল ত্যাগ কৰি বিজেপিত যোগদান কংগ্ৰেছ কৰ্মীৰ