চিৰাং,১৫ নৱেম্বৰ: পশ্চিমবঙ্গ, বিহাৰ আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য গঠনৰ দাবীত চিৰাং জিলাৰ বাসুগাঁৱত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোচিয়েশ্যন(Greater Behar People Association)ৰ উদ্যোগত বিশাল গণসমাৱেশ । এই গণ সমাৱেশত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচোচিয়েশ্যনৰ নেতা অনন্ত ৰায় মহাৰাজে ।
গণ সমাৱেশত অংশগ্ৰহণ কৰি অনন্ত ৰায় মহাৰাজে ঐতিহাসিক গ্ৰেটাৰ কোচবিহাৰ পৃথক ৰাজ্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । ঐতিহাসিক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যৰ এই মূহুৰ্তত যিহেতু পশ্চিমবংগৰ বাদেও অসম আৰু বিহাৰত সোমাই আছে সেয়ে কেন্দ্ৰীয় চৰকাৰে সেই অংশীদাৰী ৰাজ্য সমূহৰ সৈতে আলোচনা কৰি এটা চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ।
সম্প্ৰতি অসমত গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোচিয়েশ্যনৰ তৎপৰতা বৃদ্ধি আৰু কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি অহা কোচ-ৰাজবংশী জাতীয় দল সংগঠনৰ সমৰ্থন আছে নে নাই ? এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেঁও কয় যে সকলো দল সংগঠনে নিজৰ নিজৰ আদৰ্শ আৰু চিন্তাধাৰাৰে আগবাঢ়ি গৈ আছে ।
গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোচিয়েশ্যনৰ যি দাবী সেয়া হৈছে ভাৰতৰ সংবিধানৰ সমস্যা ওপৰত । এই অঞ্চলটো যিহেতু এটি অতি স্পৰ্শকাতৰ এটা অঞ্চল সেয়ে এই অঞ্চলটোক এটা সম্পূর্ণ সুৰক্ষা ব্যবস্থা দিবলৈ চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিবই লাগিব বুলি অনন্ত ৰায় মহাৰাজে দাবী কৰে । লগতে তেঁও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভতো কিছু মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ সন্মুখত ।
আনহাতে অনন্ত গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচোচিয়েশ্যনৰ নেতা অনন্ত ৰায় মহাৰাজৰ বিৰুদ্ধে আছে ধৰ্ষনৰ গোচৰ(Rape case against Anant Rai Maharaj) । যি গোচৰৰ শুনানিৰ বাবে সোমবাৰে চিৰাঙৰ আদালতত হাজিৰ হোৱাৰ জাননী জাৰি কৰিছিল আদালতে । কিন্তু নেতাগৰাকীয়ে আদালতৰ নিৰ্দেশ অমান্য কৰি উপস্থিত নহ'ল আদালতত ।
উল্লেখ্য যে যোৱা ২০১২ চনতে সংঘটিত হৈছিল উক্ত ঘটনা । চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপুৰগাঁওস্থিত মহাৰাজৰ ঘৰত শিষ্য সকলে বাহৰ পতাৰ সময়তে কোচবিহাৰৰ এজন শিষ্যৰ পত্নীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল মহাৰাজৰ বিৰুদ্ধে । তাৰ পিছতে বিষয়টো লৈ দীৰ্ঘ দিনে বিভিন্ন ঠাইত সহায় বিচাৰিও নোপোৱাত অৱশেষত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰ চাপিছিল ভুক্তভোগী পৰিয়ালটো ।
তাৰ পিচতে মহিলা আয়োগৰ নিৰ্দেশত চিৰাং আৰক্ষীয়ে গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰে অনন্ত ৰায় মহাৰাজক । চিৰাং জিলা আদালতত বিচৰাধীন গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰিছিল মহাৰাজে ২০২০ চনতে । চিৰাঙৰ আদালতে ইতিমধ্যে এবাৰ উপস্থিত হবলৈ জাননী দিছিল যদিও মহাৰাজ আদালতত উপস্থিত হোৱা নাছিল । সেয়ে আদালতে আকৌ সোমবাৰে উপস্থিত হ'বলৈ আদালতে চমন দিছিল যদিও উপস্থিত নোহোৱাত পুনৰ অহা এক ডিচেম্বৰত আদালতত উপস্থিত হবলৈ নিৰ্দেশ দিয়া বুলি জনায় ভুক্তভোগী মহিলাৰ অধিবক্তা উদয় ৰঞ্জন ৰায়ে ।
লগতে পঢ়ক: Assam Bandh: শিৱসাগৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ