ETV Bharat / state

বিজনীত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ

author img

By

Published : Feb 23, 2021, 6:34 PM IST

মঙলবাৰে চিৰাঙৰ বিজনীত অনুষ্ঠিত হ'ল অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ । এই অনুষ্ঠানতে আঞ্চলিক দলটোৰ সদস্যপদ গ্ৰহণ কৰে আছুৰ চিৰাং জিলাৰ সভাপতিসহ দুই শতাধিক লোকে ।

বিজনীত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ
বিজনীত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ

চিৰাং, ২৩ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ইতিমধ্যে ব্যাপকভাৱে প্ৰচাৰ অভিযান চলোৱাত ব্যস্ত পৰিছে ৰাজনৈতিক দলসমূহ । ঠায়ে ঠায়ে বিজেপি, কংগ্ৰেছ, অসম গণ পৰিষদকে ধৰি আন দলসমূহৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা দেখা গৈছে । সমান্তৰালকৈ নৱগঠিত দলসমূহৰ ওপৰত ভৰসা কৰিও বহু লোকে সদস্যতা গ্ৰহণ কৰিছে । মঙলবাৰে চিৰাং জিলাৰ বিজনীত অসম জাতীয় পৰিষদৰ জিলা মুখ্য কাৰ্যালয়ত এক যোগদান সমাৰোহ অনুষ্ঠিত হয় ।

বিজনীত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ
বিজনীত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ

অসম জাতীয় পৰিষদৰ চিৰাং জিলা সমিতিৰ সভাপতি খলিলুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত চিৰাং জিলা আছুৰ সভাপতি ৰূপম কুমাৰ ৰায়ে দুই শতাধিক সমৰ্থকক লগত লৈ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে । লগতে পালেংবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ললিতা নাথ বৈশ্যয়ো অসম জাতীয় পৰিষদৰ সদস্যপদ গ্ৰহণ কৰে ।

লগতে পঢ়ক:নলবাৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.