ETV Bharat / state

চিৰাঙত AIUDF ৰ নিৰ্বাচনী প্ৰচাৰ সভা

author img

By

Published : Nov 1, 2020, 9:44 PM IST

কংগ্ৰেছ-এ আই ইউ ডি এফৰ সমৰ্থন নোহোৱাকৈ কোনেও বিটিচি পৰিষদ গঠন কৰিব নোৱাৰিৱ সেয়া নিশ্চিত। মন্ত্ৰী বিধায়ক সকলে বিটিচিত অশান্তিৰ সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ উত্তেজনাপূৰ্ণ ভাষণ দিয়া পৰিলক্ষিত হৈছে যিটো আচলতে কোনেও নিবিচাৰে। বিটিচি বাসী সকলো লোকে বিটিচিত শান্তি বিচাৰে বুলিও কয় জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইচলামে ৷

চিৰাঙত AIUDF ৰ নিৰ্বাচনী প্ৰচাৰ সভা
Chirang AIUDF meeting

চিৰাঙ,1নৱেম্বৰঃ বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সকলো দল সংগঠনে নিজৰ নিজৰ ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ কায্য তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে । দেওবাৰে জিলাখনৰ ১৯ নং থুৰিবিৰী(মুকলি) পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ এ আই ইউ ডি এফ সমৰ্থিত প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ গৰাইমাৰীত এ আই ইউ ডি এফ দলে অনুষ্ঠিত কৰে এক নিৰ্বাচনী সভা । য’ত দলটোৰ জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইচলামে উপস্থিত থাকি কয় যে, আমি বহু কম সংখ‍্যক আসনত প্ৰাৰ্থী আগবঢ়াইছো যদিও আটাইকেইখনতে আমি জয়ী হ’ম ৷

কংগ্ৰেছ-এ আই ইউ ডি এফৰ সমৰ্থন নোহোৱাকৈ কোনেও বিটিচি পৰিষদ গঠন কৰিব নোৱাৰিৱ সেয়া নিশ্চিত। তেওঁ আৰু কয় যে, মন্ত্ৰী বিধায়ক সকলে বিটিচিত অশান্তিৰ সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণৰ উত্তেজনাপূৰ্ণ ভাষণ দিয়া পৰিলক্ষিত হৈছে যিটো আচলতে কোনেও নিবিচাৰে। বিটিচি বাসী সকলো লোকে বিটিচিত শান্তি বিচাৰে বুলিও কয় বিধায়ক জনে। সভাত চিৰাং জিলা এ আই ইউ ডি এফৰ সভাপতি নবী হুছেইনৰ লগতে সভাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। থুৰিবাৰী পৰিষদীয় সমষ্টিত দলটোৰ প্ৰাৰ্থী খলিলুৰ ৰহমান জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে ড° হাফিজ ৰফিকুল ইচলামে ।

লগতে পঢ়কঃ JEE কেলেংকাৰী: আৰক্ষীৰ জালত পলাতক অভিযুক্ত ভাৰ্গৱ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.