ETV Bharat / state

মন্ত্ৰী হিমন্তৰ দম থাকিলে বিটিচি ভংগ কৰি দিয়কঃ চন্দন ব্ৰহ্ম

author img

By

Published : Nov 8, 2020, 9:44 PM IST

বিজেপিৰে বিপিএফ আৰু অগপ দলৰ মিত্ৰজোঁটৰ চৰকাৰ এতিয়াও চলি আছে আৰু ইয়াৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বই কৰা মন্তব‍্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চন্দন ব্ৰহ্মই কয় যে, আমি জনজাতীয় লোক, বেকা কথা কৈ লাভ নাই ৷ যি ক’ব পোনপটীয়াকৈ ক’বৰ বাবে হিমন্তক আহ্বান চন্দন ব্ৰহ্মৰ ।

chirang agp bpf joint election meeting
মন্ত্ৰী হিমন্তৰ দম থাকিলে বিটিচি ভংগ কৰি দিয়কঃ চন্দন ব্ৰহ্ম

চিৰাং,8 নৱেম্বৰঃ চিৰাঙ জিলাৰ বিজনীৰ ১৯ নং থুৰিবাৰী (মুকলি) পৰিষদীয় সমষ্টিৰ অগপ-বিপিএফৰ যৌথ নিৰ্ব্বাচনী সভা । সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী চন্দন ব্ৰহ্মই মন্ত্ৰী হিমন্ত বিশ্বক উভতি ধৰি কয় যে, নেডাৰ এজন আহ্বায়ক তথা সন্মানীয় বিত্ত বিভাগৰ মন্ত্ৰীজনে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ নামত বিটিচিত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে।

হিমন্তই উদালগুৰী জিলাৰ মাজবাটত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰৰ নামত বিটিচিৰ পৰা গাঁও কৰ্তন, নাঙলৰ কাম নাই, ট্ৰেক্টৰৰ কথা, টেঙা মিঠা আম আদিৰ দৰে টুলোঙা মন্তব‍্যৰ ওপৰি ম’বাইল নম্বৰ ৰাজহুৱা কৰিছে। আমি মন্ত্ৰী হৈয়ে ফোনত নাপাওঁ আৰু ৰাইজে কত পাব বুলি কটাক্ষ কৰাৰ লগতে কয় যে, আমাৰ হেজাৰ হেজাৰ লোকৰ তেজৰ বিনিময়ত বিটিচি চুক্তি হৈছে আৰু আইনত পৰিণত হৈছে । বিটিচি কাৰো দয়াত সৃষ্টি হোৱা নাই বুলি সকিয়াই দিয়ে মন্ত্ৰী গৰাকীয়ে।

গতিকে নিৰ্বাচনৰ নামত এই ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়লৈ বিটিচিৰ পৰা গাঁও কৰ্তনৰ দৰে কোৱা কথাবোৰ মানি লোৱা ধৰণৰ নহয় বুলি কয় চন্দন ব্ৰহ্মই। তেওঁ আৰু কয় যে, গাঁও কৰ্তন কৰি বিটিচি ধ্বংশ কৰাতকৈ মন্ত্ৰী হিমন্তৰ দম থাকিলে বিটিচি ভংগ কৰি দিয়ক বুলি মুকলি ভাৱে প্ৰত‍্যাহ্বান জনায় । বিটিচিৰ উন্নয়ন দেখি হিমন্তৰ শংকা হৈছে । তেওঁ প্ৰমোদ বড়োক টুপি পিন্ধাই চলাই আছে আৰু এনেদৰে বিপিএফ দলক নোৱাৰে বুলিও তাৎপৰ্য‍্যপূৰ্ণ মন্তব‍্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই।

বিজেপিৰে বিপিএফ আৰু অগপ দলৰ মিত্ৰজোঁটৰ চৰকাৰ এতিয়াও চলি আছে আৰু ইয়াৰ মাজতে মন্ত্ৰী হিমন্তৰ এই ধৰণৰ মন্তব‍্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চন্দন ব্ৰহ্মই কয় যে, আমি জনজাতীয় লোক, বেকা কথা কৈ লাভ নাই ৷ যি ক’ব পোনপটীয়াকৈ ক’বৰ বাবে হিমন্তক আহ্বান জনালে চন্দন ব্ৰহ্মই।

বিটিচিকলৈ তুচ্ছ তাচ্ছিল‍্য কৰি অশান্তিৰ সৃষ্টি কৰা বুলিও কয় মন্ত্ৰীজনে । হিমন্তই প্ৰমোদ বড়োক জিকাব বিচাৰিছে বুলিও মুকলি ভাৱে অভিযোগ কৰে মন্ত্ৰী ব্ৰহ্মই । হিমন্ত বিশ্বক এই সময়ত অস্থিৰ হৈ থকা বুলিও কটাক্ষ কৰে মন্ত্ৰী ব্ৰহ্মই। যি জন ব‍্যক্তি বিটিচিৰ ভোটাৰেই নহয় তেওঁৰ কথাত বিটিচি অঞ্চলত অশান্তিৰ বাবে চেষ্টা কৰিলেও শান্তিপ্ৰীয় বিটিচি বাসীৰ মাজত কোনো প্ৰভাৱ নপৰে বুলি কয় চন্দন ব্ৰহ্মই। বিটিচিৰ বিষয় বিটিচি বাসীক চিন্তা কৰিব দিয়ক বুলি হিমন্তক আহ্বান জনায় চন্দন ব্ৰহ্মই । হঠাতেই দেওবাৰে এইদৰেই সতিৰ্থ মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে নিৰ্বাচনী জনসভাত গৰজি উঠা পৰিলক্ষিত হ’ল মন্ত্ৰী চন্দন ব্ৰহ্মক।

ইপিনে এই জনসভাত উপস্থিত হৈ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে, আমি আজি সুখি বিপিএফৰ দৰে দলৰ সৈতে মিত্ৰতা কৰি। কাৰণ আমি সকলোৱে জানো বিটিচি অঞ্চলৰ অৱস্থা কি আছিল আৰু এতিয়া কি হৈছে । এক আমূল পৰিৱৰ্তন হৈছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত।

তেওঁ মূল‍্যবৃদ্ধি সন্দৰ্ভত কয় যে, আজিৰ তাৰিখত অসমত মূল‍্যবৃদ্ধি নিয়ন্ত্ৰণ হৈছে । গুৱাহাটীত খবৰ লওক পিয়াজৰ মূল‍্য নিয়ন্ত্ৰণত আছে । মন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলক ওভতি ধৰি কয় যে, অসমত যিমান ধৰ্ষণৰ ঘটনা হৈছে তাৰ অধিকাংশ আজমলৰ দলৰ । গতিকে ভৱিষ্যতে অসমৰ অৱস্থা কেনে হ’ব তাৰ উত্তৰ দিয়ক আজমলে বুলি কয় মন্ত্ৰীগৰাকীয়ে । পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমান আধাৰ আধাও ধৰ্ষণ নোহোৱা বুলি দাবী কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । বিজেপিৰ বিষয়ে কোনো মন্তব‍্য নিদিয়াকৈ তেওঁ কয় যে, বিটিচিৰ এই থুৰিবাৰীত আমি একমাত্ৰ প্ৰাৰ্থী দিছো আৰু তেওঁ জিকিবও। অৱশ্যে মিত্ৰতা ভৱিষ্যতে থাকিব নে নাই সেই বিষয়েও মন্তব‍্য নিদিলে মন্ত্ৰী গৰাকীয়ে ।

অগপ দলৰ এই থুৰীবাৰী সমষ্টীৰ প্ৰাৰ্থী পাৰ্থজীৎ ৰায়ক বিপিএফ দলে সমৰ্থন জনাইছে আৰু সেয়ে অগপ বিপিএফৰ কেইবাজনো নেতাই নিৰ্বাচনী প্ৰচাৰৰ ভাষণ দিয়ে । সভাত গায়িকা কল্পনা পাটোৱাৰী কয় যে, অগপ দলত যোগদান কৰিয়ে পোন প্ৰথমবাৰৰ বাবে ইয়াত নিৰ্বাচনী প্ৰচাৰত নামিছো। একে দৰে বিপিএফৰ অঞ্জলি দৈমাৰীয়েও সভাত ভাষণ দি মন্ত্ৰী হিমন্ত আৰু ইউ পি পি এল দলক সমালোচনা কৰে ।

লগতে পঢ়কঃ অসম-মিজোৰাম সীমান্তত উপস্থিতি কংগ্ৰেছৰ সজাতি দলক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.