ETV Bharat / state

চিৰাঙৰ সুন্দৰীত আদিবাসী জাতীয় মহাসভাৰ গণ সমাৱেশ কাৰ্যসূচী - বিটিআৰ চুক্তি

চিৰাঙৰ সুন্দৰীত শনিবাৰে আদিবাসী সকলৰ জনজাতিকৰন আৰু যুদ্ধবিৰতিত থকা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তিৰ দাবীত আদিবাসী জাতীয় মহাসভাই গণ সমাৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷

গণ সমাৱেশ কাৰ্যসূচী
গণ সমাৱেশ কাৰ্যসূচী
author img

By

Published : Feb 8, 2020, 7:58 PM IST

সুন্দৰী, 8 ফেব্ৰুৱাৰীঃ শনিবাৰে আদিবাসী সকলৰ জনজাতিকৰন আৰু যুদ্ধবিৰতিত থকা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তিৰ দাবীত চিৰাঙৰ সুন্দৰীত, আদিবাসী জাতীয় মহাসভাগণ সমাৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ শেষতীয়াকৈ বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিচতে আদিবাসী জাতীয় মহাসভাৰ আহ্বানত, অসমৰ প্ৰতিখন জিলাতে সকলো আদিবাসী দল সংগঠন একত্ৰিত হৈ, তেওঁলোকৰ জাতীয় সমস্যা, জনজাতিকৰণ নোহোৱা পৰ্যন্ত আন্দোলনৰ পোষকতা কৰাৰ লগতে পাঁচটাকৈ যুদ্ধ বিৰতিত থকা আদিবাসী সশস্ত্ৰ সংগঠনৰ সৈতে, তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ শান্তি চুক্তিৰ দাবীৰে এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷

আদিবাসী জাতীয় মহাসভাৰ গণ সমাৱেশ কাৰ্যসূচী

উল্লেখ্য যে, অহা ২৫ ফেব্ৰুৱাৰীত আদিবাসী জাতীয় মহাসভাই কোকৰাঝাৰ জিলাৰ কাৰীগাঁৱত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসুচী ৰূপায়ন কৰিব বুলি জনায় ৷

লগতে পঢ়ক ঃ ভোট বৰ্জনৰ সিদ্ধান্ত : আমগুৰিত মহিলাই শ্ৰমদানেৰে নিৰ্মাণ কৰিলে পথ

Intro:আদীবাসী সকলৰ জনজাতীকৰন আৰু যুদ্ধবিৰতিত থকা বিদ্ৰোহি সংগঠনৰ সৈতে শান্তিচুক্তিৰ দাবীত
চিৰাঙৰ সুন্দৰীত আদীবাসী জাতীয় মহা সভাৰ গণ সমাৱেশ । আদীবাসী সকলো দল সংঠনৰ অংশগ্ৰহন ।

Body:অসমৰ আদীবাসী সকলৰ দীৰ্ঘদিনীয়া জনজাতীকৰনৰ দাবীৰে আন্দোলনৰ ফলত পাঁচটাকৈ বিদ্ৰোহি সংগঠনৰ জন্ম হোৱাৰ পিচত যোৱা ২০১২ চনত সেই সমুহৰে চৰকাৰে আলোচনা মৰ্মে যুদ্ধ বিৰতিত অহাৰ পিচতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আদীবাসী পাঁচটাকৈ যুদ্ধ বিৰতিত থকা সংগঠনৰে আলোচনাৰ নামত আলোচনাহে কৰি গৈছে কোনো ধৰনৰ সমাধানৰ চেষ্টা কৰা পৰিলক্ষিত হোৱা নাই। আদীবাসী সকলো কোনো ধৰনৰ ৰাজ্য দাবী কৰা নাই বা স্বাধীন ৰাষ্ট্ৰও বিচৰা নাই ।
আদীবাসী সকলৰ জনজাতীকৰন লৈ চৰকাৰে দীৰ্ঘদিনৰ পৰাই প্ৰতাৰনাহে কৰা পৰিলক্ষিত হৈছে । শেষতিয়াকৈ চৰকাৰে এন ডি এফ বিৰ চাৰিওটা গোট একত্ৰিত কৰি এবছুৰ সৈতেও আলোচনা কৰি বড়ো সকলৰ সৈতে চৰকাৰৰ তৃতিয়খন শান্তি চুক্তি স্বাক্ষৰ কৰি বিটিআৰ গঠন কৰিলে ।

শেষতীয়াকৈ বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিচতে আদীবাসী জাতীয় মহা সভাৰ আহ্বানত অসমৰ প্ৰতিখন জিলাতে আদী বাসী সকলৰ সকলো দল সংগঠ একত্ৰিত কৰি জনগোষ্টীটোৰ জাতীয় সমস্যা জনজাতীকৰন নোহোৱালৈ আন্দোলনৰ পোষকতা কৰে আৰু আদীবাসী যুদ্ধবিৰতিৰ পাঁচটাকৈ সহস্ত্ৰ সংগঠনৰ সৈতে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি শান্তি চুক্তিৰ দাবীৰে এই ধৰনৰ গণ সমাৱেশৰ আয়োজন কৰি আছে । যোৱা ৬ ডিচেম্বৰ কোকৰাঝাৰ জিলাৰ কচুগাঁওত এই ধৰনৰ গণসমাৱেশ অনুষ্টিত হৈছিল আৰু তাতেই ঐক্যবদ্ধভাৱে বিভিন্ন আন্দোলনৰ কাৰ্য্যসুচি গ্ৰহন কৰে । আজি চিৰাঙৰ সুন্দৰিত এই গণসমাৱেশৰ পিচতে আগন্তক ১২ ফেব্ৰুৱাৰীত বাক্সা জিলাত গণ সমাৱেশ হব । এইখিনিতে উল্লেখ কৰিব লাগিব যে ২৫ ফেব্ৰুৱাৰী আদীবাসী জাতীয় মহা সভাই কেন্দ্ৰীয় ভাৱে কোকৰাঝাৰ জিলাৰ কাৰীগাঁওত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথঅৱৰোধ কাৰ্য্যসুচি ৰূপায়ন কৰিব বুলিও জনায় ।

বাইট : বয়েল হেম্ব্ৰম,(বগা চোলা পিন্ধা মুৰত চুলি থকাজন । আদীবাসী জাতীয় মহাসভাৰ সহস্ত্ৰ সংগ্ৰাম শাখাৰ সভাপতি ।

হিৰু বাগদি, (মুৰত চুলি কম থকা বগা চোলাৰ বয়সস্থ লোকজন ) আছাৰ উপদেষ্টা।

কমলেশ্বৰ তপ্পো, (নিলা হাফ জেকেট পিন্ধাজন) কুড়ুখ সাহিত্য সভাৰ সভাপতি।

বীৰ সিং মুণ্ডা , (কলা ছিয়েটাৰ পিন্ধাজন) আদীবাসী জাতীয় মহা সভাৰ সম্পাদক আৰু বীৰ্ছা কমাণ্ডো ফোৰ্ছৰ মুখ্য সেনাধ্যক্ষ ।

Conclusion:আজিৰ এই গণ সমাৱেশত আদীবাসী জাতীয় মহা সভাৰ কাৰ্যকৰি সভাপতি প্ৰেম হাছদাৰ সঞ্চালনাত অনুষ্টিত হয় যত আদীবাসী জাতীয় মহা সভাৰ সম্পাদক বীৰসিং মুণ্ডা,কুড়ুখ সাহিত্য সভাৰ সভাপতি
কমলেশ্বৰ তপ্পো,ধৰ্মীয় অনুষ্টান জাগৰ সিং বাইছি ৰ সম্পাদক শনিৰাম হেম্ব্ৰম, আদীবাসী কোব্ৰা মিলিটেন্ট অৱ আছামৰ উপ সভাপতি বিনকান্ত ছোৰেন, আদীবাসী ৰাজনৈতিক দল আনপাৰ কাৰ্য্যকৰী সভাপতি বিৰেন মিৰ্ধা,বিটিচি গাঁওবুঢ়া সন্থাৰ সম্পাদক ৰবাৰ্ট কেৰ্কেটা,ছাত্ৰ সংগঠন আছাৰ (এচ)ৰ চিৰাং জিলা সভাপতি ফিলিমন টুডু,আছাৰ (পি)ৰ চিৰাং জিলা সভাপতি জাকাৰিয়াছ ছোৰেন উপস্থিত থাকি ভাষন দিয়া এই ধণ সমাৱেশত প্ৰায় পাঁচহেজাৰ আদীবাসী লোকে অংশগ্ৰহন কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.