চিৰাং,1 অক্টোবৰঃ চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কুকুৰমাৰীত মঙলবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা। সন্ধিয়া সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত দুজন লোক থিতাতে নিহত হয় । ঘটনাৰ বিৱৰণী অনুসৰি, HR69C4978 নম্বৰৰ মিঠাতেল কঢ়িওৱা ট্ৰাকখন যান্ত্ৰিক বিজুতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ মেৰামতি কৰি আছিল । এনে সময়তে NL01L7946 নম্বৰৰ এখন ট্ৰাকে দ্ৰুত গতিত আহি পাচফালৰ পৰা খুন্দিয়াই ৷ ফলত মেৰামতি কৰি থকা গাড়ীখনে গৈ পথৰ ডিভাইডাৰত বহি চাহ খাই থকা 2 জন লোকক মহটিয়াই নিয়ে ৷ যাৰ বাবে থিতাতে নিহত হয় লোক দুজন ৷ পাচত ঢালিগাঁও আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । নিহত লোক দুজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই ৷ আনহাতে দুৰ্ঘটনাটোৰ পিচতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘ সময় ধৰি যান-জঁটৰ সৃষ্টি হয় ।
চিৰাঙত পথ দুৰ্ঘটনা; নিহত 2
চিৰাঙত পথ দুৰ্ঘটনাত ৷ থিতাতে নিহত দুজন লোক ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত ৰৈ থকা গাড়ীত খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনা ।
চিৰাং,1 অক্টোবৰঃ চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কুকুৰমাৰীত মঙলবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা। সন্ধিয়া সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত দুজন লোক থিতাতে নিহত হয় । ঘটনাৰ বিৱৰণী অনুসৰি, HR69C4978 নম্বৰৰ মিঠাতেল কঢ়িওৱা ট্ৰাকখন যান্ত্ৰিক বিজুতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ মেৰামতি কৰি আছিল । এনে সময়তে NL01L7946 নম্বৰৰ এখন ট্ৰাকে দ্ৰুত গতিত আহি পাচফালৰ পৰা খুন্দিয়াই ৷ ফলত মেৰামতি কৰি থকা গাড়ীখনে গৈ পথৰ ডিভাইডাৰত বহি চাহ খাই থকা 2 জন লোকক মহটিয়াই নিয়ে ৷ যাৰ বাবে থিতাতে নিহত হয় লোক দুজন ৷ পাচত ঢালিগাঁও আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । নিহত লোক দুজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই ৷ আনহাতে দুৰ্ঘটনাটোৰ পিচতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘ সময় ধৰি যান-জঁটৰ সৃষ্টি হয় ।
Body: চিৰাঙত ভয়াবহ পথ দুৰ্ঘটনা । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কুকুৰমাৰীত ৩১চি নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই দুৰ্ঘটনা । সন্ধীয়া ৮.৩০ বজাত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত । এইচ আৰ ৬৯চি_৪৯৭৮ নম্বৰৰ মিঠাতেল কৰিওৱা গাড়ীখন যান্ত্ৰিক বিজুতিৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত ৰৈ মেৰামতি কৰি আছিল । এনে সময়ত দুজন লোক পথৰ ডিভাইডাৰত বহি চাহ খাই থকা অৱস্থাত এন এল ০১এল_৭৯৪৬ নম্বৰৰ গাড়ীখনে দ্ৰুত গতিত আহি পিচপিনৰ পৰা খুন্দিওৱাত পুৰ্ব্বৰ গাড়ীখনে ডিভাইডাৰ অতিক্ৰম কৰি আহি চাহ খাই থকা লোক দুজনক মহটিয়াই লোৱাত লোক দুজন থিতাতেই নিহত হয় । লগে লগে ঢালিগাঁও থানাৰ আৰক্ষীয়ে আহি মৃতদেহ উদ্ধাৰ কৰি কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে । নিহত লোক দুজনৰ পৰিচয় এতিয়ালৈ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী । দুৰ্ঘটনাৰ পিচতে ৩১চি নং ৰাষ্ট্ৰীয় ঘাই পথত দীৰ্ঘ এক/দেৰ কি:মি: অঞ্চলত যানজটৰ সৃষ্টী হয় । আৰক্ষীয়ে সমগ্ৰ যানজট নিয়ন্ত্ৰন কৰি পথচোৱা মোকলাই দিওতে প্ৰায় এঘন্টা সময় লাগে ।
বাইট : প্ৰত্যক্ষদৰ্শী ।
Conclusion:বঙাইগাঁও শোধনাগাৰৰ সামগ্ৰী কঢ়িওৱা বহি:ৰাজ্যৰ গাড়ী সমুহে সামগ্ৰী কঢ়িয়াই আনি ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত সদায় ৰৈ থাকি যানজটৰ সৃষ্টী কৰে সদায় । একেদৰে আজিৰ দুৰ্ঘটনাত নিহত চালক দুজনো সন্দেহ কৰা হৈছে বঙাইগাঁও শোধনাগাৰৰ সামগ্ৰী কঢ়িয়াই আনি শোধনাগাৰৰ ৪/৫ নম্বৰ গেটৰ সন্মুখত ৩১চি ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত ৰৈ থকা গাড়ীৰ চালক হব বুলি একাংশ লোকে সন্দেহ কৰিছে । এই অঞ্চলত শোধনাগাৰৰ বাবে সামগ্ৰী কঢ়িয়াই আনি পথৰ দাতিত ৰৈ থকা গাড়ী সমুহৰ বাবেই প্ৰায়েই ভয়াবহ দুৰ্ঘটনা হয় আৰু স্থানীয় শ্ৰমিক শ্ৰেণীৰ লোক নিহত হোৱাৰ উদাহৰন আছে ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।