চিৰাং, 15 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দেওবাৰে চিৰাং জিলাৰ বিজনীত আছুয়ে ব্যাপক গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিজনীৰ ছোৱালী হাইস্কুল খেলপথাৰত পুৱা আছুৰ নেতৃত্বত ত্ৰিশটা জনগোষ্ঠীয় সংগঠনৰ লগতে বিজনীৰ শতাধিক ৰাইজ একত্ৰিত হয় এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । সভাৰ অন্তত বিজনী ছোৱালী হাইস্কুল খেলপথাৰৰ পৰা বিজনী বান্ধৱ হাইস্কুল খেলপথাৰলৈ এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলোৱা এই প্ৰতিবাদী কাৰ্যসূচীত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে জিলা প্ৰশাসনে অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে ।
আনহাতে চিৰাঙৰ ঢালিগাঁৱত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷ ঢালিগাঁও অঞ্চল তথা বঙাইগাঁও শোধনাগাৰৰ উপনগৰীৰ মহিলাসকলে ঢালিগাঁওৰ কাৰ পাৰ্কিঙত গীত গাই, কবিতা আওঁৰাই, ছবি আঁকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে ৷