চিৰাং, 25 জানুৱাৰীঃ কেন্দ্ৰ চৰকাৰে বড়ো শান্তি চুক্তি সম্পন্ন কৰি বিটিচিক কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত কৰা বিষয়ক লৈ এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷
সংবাদমেলযোগে তেওঁ কয়, আমছুয়ে বড়ো সমস্যাৰ সমাধান তথা বিটিচিত শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰে ৷ কিন্তু চৰকাৰক একপক্ষীয় সিন্ধান্ত নলৈ বিটিচিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অবড়ো লোকৰ অধিকাৰৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক ঃ বিটিচি চুক্তিকলৈ সাংসদ নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া