চিৰাং, 12 ডিচেম্বৰ: বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনাত পাঁচ খন আসন দখলেৰে অধিক শক্তিশালী ৰূপত অগ্ৰগতি লাভ কৰিছে বিপিএফ দলে ৷ চিৰাং জিলাৰ মুঠ ৭ টা পৰিষদীয় সমষ্টিৰ 8 খন বিপিএফ 5 খন বিজেপি আৰু 7 খন আসনত ইউপিপিএল দলে জয় লাভ কৰিছে ।
১৩ নং চিৰাং পৰিষদীয় সমষ্টিত ছাইক্ৰং বসুমতাৰী ইউ পিপিএল দলৰ প্ৰাৰ্থী মাউতি ব্ৰহ্ম হাজোৱাৰীতকৈ ১৮৯৯ টা ভোটৰ ব্যৱধানত জয়ী হয় । ইয়াৰ বিপৰীতে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীক ২১৪৩ টা ভোটত পৰাজিত কৰিবলৈ সক্ষম হয় ।
১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীতকৈ ৩৯৯৬ টা অধিক ভোটত জয়ী হয় । ১৬ নং নিচিমা পৰিষদীয় সমষ্টিত বিপিএফৰ জেমচ বসুমতাৰীয়ে ২৭৮১ টা ভোটৰ ব্যৱধানত ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক পৰাজিত কৰে ।
তদুপৰি ১৭ নং সুভাইঝাৰ পৰিষদীয় সমষ্টিত বিপিএফৰ প্ৰভাত বসুমতাৰীয়ে ১৮০৫ টা ভোটৰ ব্যৱধানত ইউপিপিএলৰ গুণেশ্বৰ গয়াৰীক পৰাজিত কৰে । ১৮ নং মানস ছেৰফাং সমষ্টিত বিপিএফৰ ধনঞ্জয় বসুমতাৰীয়ে ১২৪০ টা ভোটৰ ব্যৱধানত ইউপিপিএল দলৰ সুৰেশ দৈমাৰীক পৰাজিত কৰে । ইপালে, ১৯ নং পৰিষদীয় থুৰিবাৰী সমষ্টিত বিজেপিৰ অবিৰাম মহানায়কে ২২৬৩ টা ভোটৰ ব্যৱধানত এআইইউডিএফ দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমানক পৰাজিত কৰে ।
উল্লেখ্য যে বিপিএফৰ এই অগ্ৰগতিয়ে এক উৎসৱ মূখৰ পৰিবেশৰ সৃষ্টি কৰিছে দলৰ ভিতৰ চ’ৰাত ৷ অশান্ত বিটিচিত শান্তি স্থাপনৰ শ্ল'গানেৰে বিটিচি দখলৰ দিশে গতি কৰিছে বিপিএফ ৷ ইতিমধ্যে বিটিচি পুনৰ হাগ্ৰাৰ চৰকাৰ হ'ব বুলি মত প্ৰকাশ কৰিছে পৰ্যটন মন্ত্ৰী চন্দন বহ্মই ৷
চিৰাং জিলা বিপিএফৰ কাজলগাঁও স্থিত কাৰ্যালয়ৰ সন্মুখত ফলাফল ঘোষণাৰ পিচতে এক আন্দৰ পৰিৱেশে বিৰাজ কৰে । ৰঙেৰে ৰঙীণ হোৱাৰ ওপৰিও নাচ-গানেৰে মুখৰিত কৰি তোলে কাজলগাঁৱৰ পৰিৱেশ । সমান্তৰালভাৱে উচ্চ স্বৰত ডি'জে মিউজিকৰ তালে তালে নাচি উঠে দলীয় কৰ্ম-কৰ্তা সকল ।
লগতে পঢ়ক:CAA আন্দোলন : এবছৰৰ পাচতো নিৰ্বিকাৰ শাসনৰ গাদীত অধিষ্ঠিতসকল