ETV Bharat / state

চিৰাঙত মুকলি উপ-পঞ্জীয়কৰ কাৰ্যালয় - জিলা কো-অপাৰেটিভ ছ'চাইটি উপ-পঞ্জীয়কৰ কাৰ্যালয় মুকলি

চিৰাঙত মুকলি কৰা হয় জিলা কো-অপাৰেটিভ ছ'চাইটিৰ উপ-পঞ্জীয়কৰ কাৰ্যালয় ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জিলা সদৰ কাজলগাঁৱত মুকলি কৰে কাৰ্যালয়টো ৷

কাজলগাঁৱত হাগ্ৰামা
author img

By

Published : Sep 30, 2019, 7:09 PM IST

চিৰাং, 30 চেপ্তেম্বৰঃ চিৰাঙত উপস্থিত হৈ জিলা কো-অপাৰেটিভ ছ'চাইটিৰ উপ-পঞ্জীয়কৰ কাৰ্যালয় মুকলি কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ সোমবাৰে জিলাখনৰ সদৰ কাজলগাঁৱত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ নিজা পূঁজিৰে প্ৰায় 215.57 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা কাৰ্যালয়টো উদ্বোধন কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মসহ বহুকেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

কাজলগাঁৱত হাগ্ৰামা

অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ মহিলাৰ ওপৰত চলি থকা অত্যাচাৰৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ বিশেষকৈ কোকৰাঝাৰ জিলাত বড়ো মহিলাসকলৰ ওপৰত চলি থকা হাৰাশাস্তিৰ বাবেই সকলো জাতি-জনগোষ্ঠীৰ লোককে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় বিটিচি প্ৰধানগৰাকীয়ে ৷ ঘটনাৰ বাবে বিটিচি প্ৰশাসনে তদন্তকাৰী দলে নিয়োগ কৰাৰ কথাও প্ৰকাশ কৰে হাগ্ৰামাই ৷

আনহাতে, বিপিএফ-ইউপিপি মিত্ৰতা সন্দৰ্ভত এয়া অনিশ্চিত বুলি কয় হাগ্ৰামাই ৷ কেন্দ্ৰ আৰু ৰাজ্যত থকাৰ দৰেই বিটিচিটো মিত্ৰতা থাকিব আৰু আসনৰ ভাগবতৰা কৰি নিৰ্বাচন খেলিব অগপ, বিজেপি আৰু বিপিএফে ৷ আনহাতে সাংসদ নৱ শৰনীয়াৰ দল আৰু তেওঁৰ বিষয়ে মহিলাৰীয়ে কোনো প্ৰশ্নৰে উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷

Intro:চিৰাঙত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । জিলা কো'অপাৰেটিভ ছোচাইটিৰ উপ:পঞ্জিয়কৰ কাৰ্য্যালয় মুকলি হাগ্ৰামাৰ । কোকৰাঝাৰত মহিলাৰ ওপৰত হোৱা হাৰাশাস্থীৰ উচ্চপৰ্য্যায়ৰ তদন্ত হব ।

Body:চিৰাং জিলাৰ সদৰ কাজলগাঁওত জিলা কো'অপাৰেটিভ ছোচাইটিৰ উপ পঞ্জিয়কৰ কাৰ্য্যলয় মুকলি বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীৰ । কাৰ্য্যলয় মুকলি কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে কোকৰাঝাৰত বড়ো মহিলা,গাভৰু,জীয়ৰি,বোৱাৰী আদিৰ ওপৰত প্ৰতি নিশা অচিনাক্ত দুৰবিত্তই যি ধৰনে হাৰাশাস্থি কৰি আছে তাৰ বাবে উচ্চ পৰ্য্যায়ৰ তদন্ত বিচৰা হৈছে । বিশেষকৈ বড়ো মহিলাৰ ওপৰত হোৱা এই হাৰাশাস্থি কোনে কৰি আছে সেয়া আমি গমপাইছো । সেয়ে সকলক জাতী-জনগোষ্টীৰ লোক সকলে সহায় সহযোগিতা কৰিব লাগে বুলি আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে । এই ঘটনা সমুহ কোনে কৰি আছে সেয়া ৰহস্য যদিও আমি কম দিনৰ ভিতৰতে ওলিয়াবলৈ সক্ষম হম নিশ্চয় । প্ৰতি নিশাই হৈ আছে আজিয়ো হব বুলি ভৱিষ্যতবানী কৰে হাগ্ৰামাই। এই ঘটনা কোনো এজন দুজন লোকে নকৰে কেবাজনো লোকে কৰি আছে । আমি ন্যায় বিচাৰিছো বুলি কয় হাগ্ৰামাই । যিহেতু আমি নিশ্চিত নহয় কোনে এনে ধৰনৰ ঘটনা কৰি আছে ? আমি সন্দেহ কৰিছো যদিও সেয়া নহবও পাৰে গতিকে তদন্তত নিশ্চয় সকলো ওলাব । তেওঁ বাৰে বাৰে কয় যে বিশেষকৈ বড়ো ছোৱালী আৰু মহিলাৰ ওপৰত কোকৰাঝাৰত এই ঘটনা হৈ আছে । হাগ্ৰামা মহিলাৰীয়ে বিপিএফ-ইউপিপি মিত্ৰতা সন্দৰ্ভত কয় যে এয়া অনিশ্চত । মুঠতে কেন্দ্ৰ আৰু ৰাজ্যত থকাৰ দৰেই বিটিচিতো অগপ,বিজেপি আৰু বিপিএফৰ মিত্ৰতা হব আৰু আসন ভগাভগিৰে নিৰ্ব্বাচন খেলিব । সাংসদ নৱ শৰনীয়া আৰু তেওঁৰ দল সন্দৰ্ভত সোধাপ্ৰশ্নত কয় এই ক্ষেত্ৰত কোনো প্ৰশ্ন-উত্তৰ নাই মোৰ ওচৰত বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে।

Conclusion:আজিৰ এই কাৰ্য্যালয় মুকলি অনুষ্টানত হাগ্ৰামা মহিলাৰীৰ লগতে বিপিএফৰ কেবাজনো নেতা থকাৰ লগতে চিৰাং জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম সহ বহু কেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.