চিৰাং, 19 অক্টোবৰ : বি টি আৰ চৰকাৰে নিৰ্মাণ কৰিব অত্যাধুনিক প্ৰযুক্তিযুক্ত পাঁচটা ছবিগৃহ ৷ বৃহস্পতিবাৰে উক্ত চিনেমাগৃহকেইটাৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী আৰম্ভ হয় ৷ বৃহস্পতিবাৰে চিৰাঙৰ ৰুনিখাতাত জালাকো (টিকেন্দ্ৰজিৎ নাৰ্জাৰী) সোঁৱৰণী ছবিগৃহৰ আধাৰশিলা স্থাপন কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।
উক্ত ছবিগৃহৰ আধাৰশিলা স্থাপন কৰি বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে বি টি আৰৰ পাঁচখন জিলাতে ২ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে একোটাকৈ অত্যাধুনিক ছবিগৃহ নিৰ্মান কৰিব বি টি আৰ চৰকাৰে । তেওঁ কয় যে বি টি আৰত বহু নতুন নতুন ছবি নিৰ্মান কৰা হয় যদিও সেইসমূহ প্ৰদৰ্শনৰ সুবিধা নাই । উক্ত ছবিসমূহৰ সৈতে বহুলোক জড়িত হৈ থাকে । ছবিসমূহত যিহেতু সমাজ জীৱনৰ প্ৰতিফলন ঘটে, সেয়েহে বি টি আৰ প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
আনহাতে প্ৰথম পৰ্যায়ত বি টি আৰৰ ৫ খন জিলাত একোটাকৈ ছবিগৃহ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছত প্ৰয়োজন সাপেক্ষ মহকুমা পৰ্যায়তো ছবিগৃহ নিৰ্মানৰ চিন্তা-চৰ্চা কৰা হ’ব বুলি প্ৰমোদ বড়োৱে জানিবলৈ দিয়ে । উক্ত ছবিগৃহসমূহত কেৱল চিনেমা চোৱাই নহয়, সময়ে সময়ে প্ৰধানমন্ত্ৰীৰ ভাষণ, মুখ্যমন্ত্ৰীৰ ভাষণ অথবা তেনেধৰণৰ গুৰুত্বপুৰ্ণ বিষয়সমূহ যাতে ৰাইজক দেখুৱাব পৰা যায় তাৰ ব্যৱস্থা কৰা হ’ব বুলিও জনায় প্ৰমোদ বড়োৱে ।
বৃহস্পতিবাৰে চিৰাঙৰ ৰুনিখাতাত ছবিগৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক লৰেঞ্চ ইছলাৰী, বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, পাৰিষদ মাধৱ ছেত্ৰীসহ ৰুনিখাতা অঞ্চলৰ বহু লোক উপস্থিত থাকে ।
লগতে পঢ়ক: Hagrama slams Pramod Boro: অকলেই লোকসভা নিৰ্বাচনত যুঁজিব হাগ্ৰামা বাহিনীয়ে