ETV Bharat / state

ৰাজনীতিবিদৰ বাবে কৰ’ণাতকৈ নিৰ্বাচন অধিক ভয়ংকৰঃ বিশ্বজিৎ দৈমাৰী

বুধবাৰে চিৰাঙত অনুষ্ঠিত হয় বিপিএফ দলৰ নিৰ্বাচনকেন্দ্ৰীক দলীয় সভা । উক্ত সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে দলীয় পৰিস্থিতিৰ বুজ লয় । উল্লেখ্য যে, বিপিএফ দলৰ যুৱ বি পি এফ আৰু বি পি এফৰ পৃথকে-পৃথকে অনুষ্ঠিত হয় নিৰ্বাচনী পৰ্যালোচনা সভা ।

author img

By

Published : Jul 8, 2020, 10:45 PM IST

চিৰাঙত বিপিএফ দলৰ সভা
চিৰাঙত বিপিএফ দলৰ সভা

শিৱসাগৰ, 8 জুলাই : আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে বিপিএফ দলে গ্ৰহণ কৰিছে নতুন-নতুন কৌশল । বুধবাৰে চিৰাং জিলাৰ শান্তিপুৰ, কাশিকত্ৰা আৰু কাজলগাঁৱত অনুষ্ঠিত হয় বিপিএফ দলৰ যুৱ বিপিএফ আৰু বিপিএফৰ পৃথকে পৃথকে নিৰ্বাচনী পৰ্যালোচনা সভা ।

মহামাৰী কৰ’ণাৰ প্ৰতি লক্ষ্য ৰাখি ৪ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচন পিচুৱাই দিয়াৰ পিছতে বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ ৰাজনৈতিক কাৰ্যকলাপ বাহাল ৰখা পৰিলক্ষিত হৈছে । ইফালে বিপিএফ দলেও নিজৰ নিৰ্বাচনী কাৰ্যকলাপ চলাই থকা বুলি জানিব পৰা গৈছে ।

চিৰাঙত বিপিএফ দলৰ সভা

উক্ত সভাত ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে কয় যে, ‘‘ৰাজনীতিবিদসকলৰ বাবে কৰ’ণাতকৈ নিৰ্বাচন অধিক ভয়ংকৰ । সেয়েহে বিটিচি নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে ৷ কৃষকসকল যিদৰে ৰ’দ, বৰষুণক নেওচি কৃষিকৰ্মত জড়িত থাকিব লাগে, ঠিক তেনেদৰে ৰাজনীতিবিদ সকলেও কৰ’ণাতংকৰ মাজতে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ।’’

বিজেপি দলে বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে স্বাস্থ্যমন্ত্ৰীক তামুলপুৰত পঠিয়াই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰে সাংসদ দৈমাৰীয়ে । বিটিচিত অবৈধ অস্ত্ৰ থকা সন্দৰ্ভত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক সমালোচনা কৰি কয় যে, ‘‘বিটিচিত উগ্ৰপন্থী আছে সেয়া সঁচা । এতিয়া এই উগ্ৰপন্থীসকলে লাহে-লাহে মূলসূঁতিলৈ ঘূৰি আহি আছে । তেওঁলোকৰ সৈতে অস্ত্ৰ আছে নে নাই সেয়া আমি ক’ব নোৱাৰিম ৷ কাৰণ সেয়া নিৰাপত্তা বাহিনীত জড়িত সকলেহে গম পাব ।’’

চিৰাঙত বিপিএফ দলৰ সভা

লগতে তেওঁ কয় যে, নৱ শৰণীয়াই বিপএফক টাৰ্গেট কৰিহে বিতৰ্কৰ বাবে সময়ে-সময়ে এই বিষয়টো উত্থাপন কৰে । কাৰণ, নৱ শৰণীয়াই আত্মসমৰ্পন কৰা নাই । তেওঁৰ হাতত আলফাৰহে অস্ত্ৰ আছে । আলফাৰ অস্ত্ৰ কেতিয়াও বৈধ হ’ব নোৱাৰে । উগ্ৰপন্থী নেতা হিচাপে নৱ শৰণীয়াৰ হাতত বহু অস্ত্ৰ আছে । অবৈধ অস্ত্ৰৰ মালিক নৱ শৰণীয়া ৷’’

আনহাতে, হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিহে মুকলিভাৱে ৰাজনীতিলৈ আহিছিল বুলিও সাংসদ দৈমাৰীয়ে মন্তব্য কৰে ।

ইয়াৰোপৰি, সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে, ‘‘কৰ’ণাক লৈ আমি সতৰ্ক হৈ আছো । সঠিকভাৱে ইয়াৰ প্ৰচেষ্টা চলি আছে । ইয়াক লৈ ৰাইজ আতংকিব হ’ব নালাগে ৷ কেৱল সকলোৱে নীতি-নিয়ম মানি চলাতো অতি দৰকাৰ ৷’’

উল্লেখ্য যে, এই সভাত বিশেষকৈ আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে কেনেদৰে নিজ দলৰ পক্ষত ভোটাৰসকলক আকৰ্ষিত কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰা হয় ।

লগতে পঢ়ক : হাফলঙত লক্ ডাউনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.