ETV Bharat / state

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন পৰিষদীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল

author img

By

Published : Mar 16, 2020, 11:22 PM IST

আসন্ন বি টি চি পৰিষদীয় নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটা মান দিন ৷ ইতিমধ্য আৰম্ভ হৈছে প্ৰাৰ্থী সকলৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া।ইয়াৰ মাজতে ইউপিপিএল দলে প্ৰকাশ কৰে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ৷

bpf-candidate-nomination-file
বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন পৰিষদীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল

নিউজ ডেস্ক,16 মাৰ্চঃ বি টি চি পৰিষদীয় নিৰ্বাচনৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ জমা বি পি এফ প্ৰাৰ্থীৰ ৷ সোমবাৰে বাক্সা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ নিৰ্বাচনী কক্ষত বিধি অনুসৰি দিন বাৰ চাই মনোনয়ন পত্ৰ জমা দিয়ে বিটিচি মুছলপুৰ পৰিয়দীয় সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োই ৷ নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ জমা দিয়াৰ আগতে প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োই পাঠ কৰে শপত নামা ৷ দলীয় সমৰ্থকৰ সহযোগত মনোনয়ন পত্ৰ জমা দি নিৰ্বাচনত পৰিষদীয় সমষ্টিটোৰ পৰা বিজয় নিশ্চিত বুলি মন্তব্য কৰে ৷ বি পি এফৰ বিগত ১৫ বছৰীয়া কালত বিটিচিৰ উন্নয়নৰ কথা সদৰি কৰি হাগ্ৰামা মহিলাৰীয়ে অনচুমৈ খুংগুৰ বড়ো বি টি চি ৰ চীফ হ'ব বুলি দাবী কৰে ৷

ভেৰগাওঁ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে খৈৰাবাৰী সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা বৰ্তমানৰ কাৰ্যবাদী সদস্য লুমশ্ৰাও দৈমাৰীয়ে।মনোনয়ন দাখিল কৰি প্ৰমোদ বড়োই এটা জাতিৰ কাৰণেহে কথা বুলি প্ৰমোদ বড়োক সমালোচনা লুমশ্ৰাও দৈমাৰীৰ । লগতে নিৰ্বাচনত বিজয় নিশ্চিত বুলিও দাবী কৰে নেতা জনে ৷

চিৰাঙত সোমবাৰে বিপিএফৰ দুজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷ বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰীয়ে ১৪ নং চিৰাং দুৱাৰ আৰু বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম ই ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ পৰা সোমবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁওত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে । দুয়োজন মনোনয়ন পত্ৰ দাখিলত সংগ দিয়ে মন্ত্ৰী চন্দন ব্ৰহ্মই । বিটিচিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ বিপিএফৰ চৰকাৰ হ'ব বুলি মন্ত্ৰী চন্দন ব্ৰহ্মই দাবী কৰে।

bpf candidate nomination file
ইউপিপিএল দলৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা

বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰি কয় যে বিজয় নিশ্চিত । তেওঁৰ বিৰুদ্ধে এনডিএফবিৰ সম্পাদক বি আৰ ফেৰেঙ্গা(ৰঞ্জিত বসুমতাৰী)য়ে ইউপিপিএলৰ পৰা প্ৰতিদ্বন্দিতা কৰিব যদিও তেওঁক কোনেও চিনিয়ে নাপায়। তেওঁ ধেমাজিৰ পৰা আহি ইয়াত নিৰ্বাচন খেলিব । গতিকে কাম নাই বুলি উল্লেখ কৰে বিটিচিৰ উপমুখ্যগৰাকীয়ে ৷

ইউপিপিএল দলৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

তাৰ মাজতে চিৰাং জিলাত এক সংবাদমেলত ইউপিপিএল দলৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে সোমবাৰে প্ৰকাশ কৰে দ্বিতীয়খন প্ৰাৰ্থী তালিকা । এই তালিকাত ১৬ টা পৰিষদীয় সমষ্টীৰ বাবে প্ৰাৰ্থী সকলৰ নাম প্ৰকাশ কৰে । পৰ্বতঝোৰা(জনজাতি) সমষ্টিৰ উত্তম ব্ৰহ্ম হাজোৱাৰী,গুমা (মুকলি)সমষ্টীৰ মনিৰুল জামান,শ্ৰীৰামপুৰ (অজনজাতি) সমষ্টিৰ নুৰ মহাম্মদ,বনৰগাঁও (জনজাতি)সমষ্টিৰ ৰবিৰাম ব্ৰহ্ম, ছালেকাটী (জনজাতি)সমষ্টিৰ বাবে হিতেশ মুচাহাৰী,থুৰিবাৰী (মুকলি) সমষ্টিত এবিএমএচইউৰ প্ৰাক্তন সভাপতি আবু ছায়েদ আনছাৰী,মথনগুৰি(মুকলি) সাজাহান আলী,শালবাৰী (জনজাতি)সমষ্টিৰ বিনোদ মুচাহাৰী,দিহিৰা (মুকলি) সমষ্টিৰ জগদিশ ৰামচিয়াৰী,মুছলপুৰ (জনজাতি) সমষ্টিৰ ৰাকেশ বড়ো,ভেৰগাঁও (জনজাতি) সমষ্টিৰ দাউবাইছা বড়ো,ননৈ স্বেৰফাং (অজনজাতী)সমষ্টিৰ বাবে কৃষ্ণ গিৰি,মুদৈবৰি (মুকলি) সমষ্টিৰ বাবে এন্টনি মুচাহাৰী,হৰিচিঙা(জনজাতি) সমষ্টিৰ বাবে সঞ্জয় স্বৰ্গীয়াৰী(সাঞ্জাৰাং) পাচনৈ স্বেৰফাং (অজনজাতী)সমষ্টিৰ অৰুণ কন্দোপান, ৰৌতা (জনজাতি) সমষ্টীৰ ড৹ নিলুদ স্বৰ্গীয়াৰী ৰ নাম প্ৰকাশ কৰে। ইয়াৰ পুৰ্বে কালি নিশা প্ৰথম তালিকাত ২২ টা পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল । এতিয়াও দলটোৱে দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই । যিকোনো সময়ত প্ৰকাশ কৰিব বুলি জনায় ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে । এতিয়ালৈ মুঠ ৩৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃবিটিচিৰ কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.