চিৰাং, 23 জুনঃ চিৰাঙৰ এগৰাকী দৰিদ্ৰ মহিলাক উগ্ৰপন্থী সজাই আটক কৰা ঘটনা সন্দৰ্ভত বড়ো ৱ'মেন জাষ্টিচ ফ'ৰামৰ নেত্ৰী অঞ্জলি দৈমাৰীৰ প্ৰতিক্ৰিয়া ৷ ভাৰতীয় সেনাৰ এই কাৰ্যক তীব্ৰ নিন্দা জনোৱাৰ লগতে মহিলাগৰাকীক উদ্দেশ্য প্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰিছে বুলি উল্লেখ কৰে দৈমাৰীৰ ৷ দৈমাৰীয়ে কয়, "ভাৰত চৰকাৰ নিয়ন্ত্ৰিত সেনা-আৰক্ষীয়ে যি ইচ্ছা গৈছে তাকে কৰিছে। কেতিয়াবা বড়ো যুৱক-যুৱতীক উগ্ৰপন্থী সজাই হত্যা কৰিছে, কেতিয়াবা আকৌ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷ আমি যাৰ পৰা নিৰাপত্তা পাম বুলি ভাবো তেওঁলোকেই আমাৰ মহিলাসকলক এইদৰে হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে ''। গতিকে এতিয়া আমি কিহৰ আশাত এই দেশ তথা চৰকাৰৰ লগত থাকিম বুলিও প্ৰশ্ন উত্থাপন কৰে দৈমাৰীয়ে ৷
উল্লেখ্য যে, চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ৩নং ছামোদিছা গাঁৱৰ দৰিদ্ৰ মহিলা ৰিছিমা নাৰ্জাৰীক এন ডি এফ বি সজাই আটক কৰিছিল সেনা-আৰক্ষীয়ে ৷ স্বামী নথকা তথা তিনিটা সন্তানেৰে আনৰ ঘৰত কাম কৰি জীৱন নিৰ্বাহ কৰা মহিলা গৰাকীৰ ঘৰত পিষ্টল উদ্ধাৰ হোৱা বুলি আটক কৰিছিল মহিলাগৰাকীক ৷ মহিলা গৰাকীক আটক কৰা পাচতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল অঞ্চলজুৰি ৷ আনহাতে, 22 জুনত এন ডি এফ বিৰ সভাপতি বি চাওৰাইগৌৰায় এন ডি এফ বিৰ সদস্য নহয় বুলি প্ৰেছ বিবৃতি প্ৰেৰণ কৰাৰ লগতে এই ঘটনাক তীব্ৰ গৰিহণা জনায় ৷