ETV Bharat / state

বঙাইগাঁও মজদুৰ ইউনিয়নই খাদ্য সামগ্ৰীৰ লগতে বিতৰণ কৰে মাস্ক, ছেনিটাইজাৰ - corona virus

শুকুৰবাৰে বঙাইগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও শাখাই দৰিদ্ৰ লোকৰ মাজত খাদ‍্য সামগ্ৰী বিতৰণৰ লগতে বঙাইগাঁওৰ সাংবাদিকৰ মাজত বিতৰণ কৰে মাস্ক আৰু ছেনিটাইজাৰ।

বঙাইগাঁও
বঙাইগাঁও মজদুৰ ইউনিয়নই খাদ্য সামগ্ৰীৰ লগতে বিতৰণ কৰে মাস্ক, ছেনিটাইজাৰ
author img

By

Published : May 29, 2020, 8:39 PM IST

চিৰাং, ২৯ মে': চলিত লকডাউনৰ পৰিপ্ৰেক্ষিতত সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকল , বিশেষকৈ দিনহাজিৰা কৰা লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ যাৰ বাবে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় মৌলিক বস্তু যেনে খাদ্যৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে ৷ সেইবাবেই এইসকল লোকক সাময়িকভাবে হলেও কিছু সকাহ দিয়াৰ মানসেৰে উত্তৰ পূৱ-সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও কাৰখানা শাখাই শুকুৰবাৰে প্ৰায় ২০০ লোকক মধ্যাহ্ন ভোজন কৰোৱায় ৷ বঙাইগাঁও চহৰৰ বিভিন্ন স্থানত থকা দৰিদ্ৰ লোকসমূহৰ মাজত খাদ্য বিতৰণ কৰাৰ লগতে মাস্ক আৰু চাবোনো বিতৰণ কৰে ৷ এই অনুষ্ঠানত শাখাৰ সভাপতি নিৰ্মল চক্ৰবৰ্ত্তী, সম্পাদক পবিত্ৰ বৰ্মন , কাৰ্যকৰী সভাপতি কাজল সৰকাৰ, কোষাধ্যক্ষ দিলীপ চেত্ৰীকে ধৰি কেইবাজনো লোক উপস্থিত থাকে ৷

বঙাইগাঁও
বঙাইগাঁও মজদুৰ ইউনিয়নই খাদ্য সামগ্ৰীৰ লগতে বিতৰণ কৰে মাস্ক, ছেনিটাইজাৰ

উল্লেখযোগ্য যে, মজদুৰ ইউনিয়নৰ কাৰখানা শাখাই ইয়াৰ আগতেও কেইবাদিনো এনেদৰে বিশেষকৈ লকডাউনৰ সময়চোৱাতৱবঙাইগাঁৱৰ দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য বিতৰণ কৰি আহিছে বুলি জানিবলৈ দিয়ে ৷

লগতে এই কাৰ্যৰ মাজতে শুকুৰবাৰে কৰ'ণা যুঁজৰ সেনানী সংবাদকৰ্মীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ইউনিয়নে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে বুলি জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.