চিৰাং,16 নৱেম্বৰ : চিৰাঙত সোমবাৰে বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ।
![bjp election meeting in chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangbjpmeetinghimanta-vis-10012_16112020171846_1611f_1605527326_707.jpg)
চিৰাং জিলাৰ 18নং মানাহ চেৰফাং পৰিষদীয় সমষ্টিৰ আনন্দবাজাৰ পথাৰত অনুষ্ঠিত হোৱা এই সভাখনত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘‘অসম কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি 15 ডিচেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচনৰ সকলো কাম শেষ হ’ব । বিটিচিত বিজেপিৰ হাত থকা বাবেই ইমানদিনে হাগ্ৰামাই ৰাজত্ব কৰিব পাৰিছে । ইয়াত সকলো বিপিএফৰ কথা মতেই চলিল । আমি যিমান পাৰো বিপিএফক সহায় কৰিলো । কিন্তু ইয়াত ভূমি সংক্ৰান্তীয় বহু খেলি-মেলি চলি আছে । গতিকে আমি বিটিচিখন কাকো গতাই দিয়া নাই । আমি পৰৱৰ্তী সময়ত বিটিআৰ গঠনৰ 15 দিনৰ ভিতৰত ভূমি সংক্ৰান্তীয় কাম শেষ কৰিম ৷"
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি তেওঁ কয় যে, ‘‘আমি বিটিচিখন হাগ্ৰামাক নিলামত দিয়া নাই । ৰাইজৰ তলত থাকিব লাগে ৰাজনৈতিক নেতা । কিন্তু বিটিচিত হাগ্ৰামা চীফ হৈ বহিছে । ভিচিডিচিৰ জৰিয়তে হাগ্ৰামাই বিটিচিত দালালৰাজ চলাইছে । গতিকে এতিয়াই প্ৰত্যুত্তৰ দিয়াৰ সময় । বিপিএফৰ টকা-পইচালৈ ভোল নাযাব । নাঙলত ভোট দি পস্তাই নাথাকিব ।
![bjp election meeting in chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangbjpmeetinghimanta-vis-10012_16112020171846_1611f_1605527326_481.jpg)
আনহাতে বিজেপিত যোগদান সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে, 22 নৱেম্বৰত বিশ্বজিত দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীয়ে বিজেপিত যোগদান কৰাৰ পাচতে বহু লোক বিজেপিলৈ আহিব ৷ উক্ত সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে এইবাৰ বিটিচিত যে বিজেপিৰ চৰকাৰ হ’ব সেয়া খাটাং বুলি দাবী উত্থাপন কৰে । বিটিচি যেতিয়া সন্ত্ৰাসৰে জৰ্জৰিত হৈ আছিল, তেতিয়া গৃহমন্ত্ৰী ৰাজনাথ সিঙে 2014 চনতে অসমলৈ আহি অপাৰেশ্যন অল ক্লিয়াৰ কৰাৰ নিৰ্দেশ দিছিল ৷ সেয়ে আজি আমি নিৰাপদে থাকিব পাৰিছো বুলি প্ৰকাশ কৰে দাসে । লগতে দাসৰ কাৰ্যকালত বিজেপিত কোনো পধ্যে হাগ্ৰামাক অন্তৰ্ভূক্ত হ’বলৈ নিদিয়ে বুলি দাবী কৰে ৷ উল্লেখ্য যে, 18 নং মানাহ চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মৰ হৈ চলোৱা এই নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰায় তিনি হাজাৰ লোকে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা কৃষকৰ