চিৰাং,21 জানুৱাৰী:সমগ্ৰ দেশতে অব্যাহত আছে বাৰ্ড ফ্লুৰ আতংক ৷ দেশৰ আনসমুহ ৰাজ্যৰ সমান্তৰালকৈ অসমতো বাৰ্ডফ্লুৱে সৃষ্টি কৰিছে আতংক ৷ অসমলৈ এই মাৰাত্মক ভাইৰাচৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ অসমলৈ বহিঃৰাজ্যৰ পৰা কুকুৰাৰ সৰবৰাহ নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে ৷ কিন্তু ইয়াৰ পিচতো পশ্চিম বঙ্গৰ একাংশ দালালৰ তৎপৰতাত শ্ৰীৰামপুৰ গেট অথবা বক্সিৰহাট গেটেৰে নামি গৈ গাঁৱলীয়া পথেৰে অসমলৈ নিতৌ সৰবৰাহ হৈ আছে 20 ৰ পৰা 25 খনকৈ ব্ৰইলাৰ কুকুৰা কঢ়িয়াই অনা গাড়ী ৷ প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন জিলাৰ লগতে অৰুনাচল আৰু মেঘালয়লৈ যায় এই সমুহ ব্ৰইলাৰ ভৰ্তি বাহন ৷
ৰাষ্ট্ৰীয় ঘাই পথেৰে অসমৰ বিভিন্ন জিলালৈ এই সমুহ কুকুৰা অবৈধ ভাৱে যোগান ধৰা হয় ৷ কিন্তু অতি তাৎপৰ্যপূৰ্ণ ভাৱে যি সমুহ জিলাৰ মাজেৰে এই ব্ৰইলাৰ কুকুৰা কঢ়িয়াই অনা গাড়ী পাৰ হয় সেই সমুহ জিলা বিশেষকৈ ধুবুৰী,কোকৰাঝাৰ,চিৰাং আৰু বঙাইগাঁও জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন নিমাত ৷ চকুমুদা কুলিৰ দৰে এই অবৈধ সৰবৰাহ দেখিও নেদেখাৰ ভাও জুৰিছে এই সমুহ জিলাৰ জিলা প্ৰশাসনে ৷ ৰাজ্য চৰকাৰৰ কঠোৰ নিষেধাজ্ঞাকো যেন এই সমুহ জিলাৰ জিলা প্ৰশাসনে কোনো ধৰনৰ গুৰুত্ব প্ৰদান কৰা নাই ৷ উল্লেখনীয় যে, এই ধৰণৰ অবৈধ সৰবৰাহৰ বাবে এতিয়া অসমত যিকোনো মুহুৰ্তত ভয়াবহ ৰূপত বিয়পিব পাৰে বাৰ্ডফ্লুৰ দৰে ভয়াবহ ৰোগৰ ভাইৰাছ ৷ পশ্চিমবংগৰ পৰা নিতৌ এই দৰে ব্ৰইলাৰ কুকুৰা কঢ়িয়াই অনা ঘটনাই ৰাজ্যবাসীৰ বাবে ভয়ানক বিপদৰ অশনী সংকেত প্ৰদান কৰিছে ৷ অতিশীঘ্ৰেই যদিহে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বাৰ্ডফ্লুৰ ভয়াৱহতা অসমতো বিয়পি পৰাটো নিশ্চিত হৈ পৰিছে ৷
লগতে পঢ়ক:আকৌ এবাৰ মুখথেকেচা মহন্তৰ: অভিবৰ্তনৰ অনুমতি নিদিলে চৰকাৰে