চিৰাং,১৮ মাৰ্চ: বৃহস্পতিবাৰে ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসে মনোনয়ন দাখিল কৰে । সমষ্টিটোৰ কেইবাহেজাৰ লোকক লগত লৈ প্ৰাক্তন ছাত্ৰ নেতাজনে বিজনী মহকুমাধিপতি তথা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে ।
মনোনয়ন দাখিলৰ পিছতে সংবাদ মাধ্যমক উদ্দেশ্যি দাসে কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইনখন আনি অসম তথা অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিব বিচাৰিছে । বিজেপিয়ে অসমৰ এপদ এপদকৈ সকলো ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগতকৰণ কৰিব লৈছে বুলিও তেওঁ অভিযোগ তোলে ।
গতিকে বিজেপিক অসমৰ পৰা আঁতৰ কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ হৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰে । বিগত সময়ত বিপিএফৰ বিধায়কে বিজনী সমষ্টিত দীৰ্ঘদিন থকাৰ পিছতো আশানুৰূপ কোনো কাম কৰিব নোৱাৰাত আজি সমষ্টিটোৰ লোক ওলাই আহিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে ৷ গতিকে বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থীজনে । মনোনয়ন দাখিলৰ সময়ত জিলা সভাপতি খলিলুৰ ৰহমানসহ বহু নেতা কৰ্মী উপস্থিত থাকে।
লগতে পঢ়ক: দুধনৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শ্যামজিত ৰাভাৰ মনোনয়ন দাখিল