চিৰাং,15 এপ্ৰিল: চিৰাং জিলাৰ ভিৰানগাঁও উজান বজাৰ অঞ্চলৰ ১৪ খন গাঁৱৰ লোকে উমৈহতীয়াভাৱে বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰে ৰংজালি বৈশাগু অনুষ্ঠান ৷ অনুষষ্ঠানৰ প্ৰথম দিনা পতকা উত্তোলন, স্মৃতি তৰ্পণকে ধৰি বড়োসকলৰ বাথৌ ধৰ্মীয় পৰম্পৰাৰে হোম যজ্ঞ অনুষ্ঠিত হয় । জিলাখনৰ কাশিকত্ৰাৰ পশ্চিমে গেন্দেৰগাঁৱত পুৱাৰে পৰা বিভিন্ন প্ৰতিযোগিতামুলক অনুষ্ঠানৰ যোগেদি ৰংজালি বৈশাগু অনুষ্ঠানৰ আয়োজন কৰে ।
চিৰাঙৰ ডাংতল বাথৌ ক্লাবত ৪০ সংখ্যক ৰংজালি বৈশাগু উদযাপন কৰা হয় ৷ বৃহস্পতিবাৰে মুকলি বিহু অনুষ্ঠিত হয় বাথৌ ক্লাৱৰ পথাৰত । ডাংতল আদৰ্শ গাঁৱৰ পুৰুষ-মহিলা তথা ডেকা-গাভৰুসকলে অংশগ্ৰহণ কৰে এই মুকলি বিহুৰ অনুষ্ঠানত । বিগত বছৰ ক’ভিডৰ বাবে বিহুৰ মুকলি অনুষ্ঠানসমূহ অনুষ্ঠিত হোৱা নাছিল ৷ এইবাৰ সকলো ওলাই আহিছে বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰিবলৈ ।
লগতে পঢ়ক : ছট্টিশগড়ত জাবৰ পেলোৱা বাহনত কঢ়িয়ালে ক’ভিড ৰোগীৰ মৃতদেহ