চিৰাং,11 মে': চিৰাং জিলাৰ বাসুগাঁৱত গহণাৰ বিপণীত চুৰিকাণ্ডৰ সৈতে জড়িত দুই চোৰক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ আ-অলংকাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে । বাসুগাঁও চহৰৰ প্ৰতিমা জুৱেলাৰ্চত যোৱা ২২ এপ্ৰিলৰ নিশা উক্ত চুৰিকাণ্ড সংঘটিত হৈছিল । বিপণীখনৰ তলা ভাঙি নগদ ধনৰ লগতে সকলো আ-অলংকাৰ আৰু লকাৰ লৈ গৈছিল চোৰে । পিচদিনা দুৰামাৰীৰ নৈত উদ্ধাৰ হৈছিল খালী লকাৰটো ।
বিপণীখনৰ স্বত্বাধিকাৰী মৃণাল দেৱনাথৰ এজাহাৰৰ ভিত্তিত বাসুগাঁও থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০ ধাৰা অনুসৰি ২৩/২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে গোপনে অভিযান চলাইছিল । জিলা সদৰৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে বঙাইগাঁৱৰ ঘিলাগুৰীৰ জামাত আলী(৫০)ক কৰায়ত্ত কৰে ৷ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বাসুগাঁও নতুনপাৰাৰ অৰুণ বসুমতাৰী নামৰ লোকজন এই চুৰিকাণ্ডত জড়িত থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি বসুমতাৰী পলাতক অৱস্থাত আছে ৷
জুৱেলাৰীৰ বিপণীখনৰ পৰা চুৰি হোৱা অলংকাৰখিনি বাসুগাঁৱৰ পাক্ৰিগুৰীৰ জহিৰ আলী নামৰ লোকজনে ক্ৰয় কৰিছিল । আৰক্ষীয়ে উক্ত ব্যক্তিজনকো কৰায়ত্ত কৰাৰ পিছত সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে অন্যান্য কিছু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জামাত আৰু আৰু জহিৰ আলী নামৰ দুয়োজন লোকক কৰায়ত্ত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক : ক'ভিড ৰোগীৰ বাবে সাজু নগাঁও কাগজ কলৰ ক’ভিড চিকিৎসালয়