চিৰাং, ৩ মে': চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত সেনাৰ বেণ্ড প্ৰদৰ্শন । মহামাৰী কৰ'ণাৰ পৰা দেশবাসীক ৰক্ষাৰ বাবে দিনে নিশাই সেৱা আগবঢ়োৱা স্বাস্থ্য বিভাগৰ লোকক উৎসাহিত কৰিবলৈ প্ৰদৰ্শন কৰা হয় এই বেণ্ড ।

চিৰাং জিলা সদৰ জে এচ বি অসামৰিক চিকিৎসালয়ত কৰ'ণা আক্ৰান্তৰ সেৱাত দিনে নিশাই ব্ৰতী হৈ থকা সকলক সেনাৰ বেণ্ড প্ৰদৰ্শন । দেওবাৰে পুৱা ১১ বজাত ভাৰতীয় সেনাৰ ৫ম গাৰোৱাল ৰাইফলচৰ তৰফৰ পৰা জে এচ বি অসামৰিক চিকিৎসালয়ত প্ৰদৰ্শন কৰে বেণ্ড । সেনাৰ এই বেণ্ড প্ৰদৰ্শনৰ উদ্দেশ্য হৈছে মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা দেশ বাসীক ৰক্ষাৰ বাবে দিনে নিশাই কাম কৰি যোৱা স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তা সকলক উৎসাহিত কৰা ।

সেনাৰ এই পদক্ষেপক জে এচ বি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ দাসে শলাগ লোৱাৰ উপৰিও স্বাস্থ্য বিভাগৰ কৰ্মী সকলে শলাগ লয় । লগতে চিকিৎসালয় খনৰ ৰোগী চিকিৎসক সকলোৱে সেনাৰ এই বেণ্ড প্ৰদৰ্শন উপভোগ কৰে ।

সেনাই যিদৰে সীমান্তত দিনে নিশাই কৰ্তব্যত থাকি নিৰাপত্তা দিয়ে একেদৰে এই দুৰ্যোগৰ সময়ত মহামাৰী কৰ'ণা পৰা দেশবাসীক ৰক্ষাৰ বাবে স্বাস্ব্য খণ্ডৰ লোক সকলে দিনে নিশাই সেৱা আগবঢ়াই গৈছে ।