ETV Bharat / state

Kajalgaon JSB Civil Hospital: চিকিৎসালয়ৰ বন্ধ কোঠাত নিশা চলে সুৰাৰ পাৰ্টী ! - মদৰ আড্ডাস্থলী

মদৰ আড্ডাস্থলীত পৰিণত হোৱাৰ অভিযোগ কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয় ৷ চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ (Kajalgaon JSB Civil Hospital) ৷

Kajalgaon JSB Civil Hospital
কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়
author img

By

Published : May 14, 2023, 10:23 PM IST

Updated : May 15, 2023, 9:58 AM IST

মদৰ আড্ডাস্থলীলৈ পৰিণত চিকিৎসালয়

চিৰাং, 14 মে’: চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত ব্যাপক অনিয়মৰ অভিযোগ ৷ একাংশৰ বাবে মদৰ আড্ডাস্থলীত পৰিণত হোৱাৰ অভিযোগ কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয় ৷ চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ (Irregularities in Kajalgaon JSB Civil Hospital) ৷

নিশা হলেই মদৰ আড্ডাত বহাৰ অভিযোগ চিৰাং জিলা সদৰ কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ কৰ্মৰত চিকিৎসক, নাৰ্ছৰ বিৰুদ্ধে ৷ ৰোগীৰ আত্মীয়ৰ অভিযোগ অনুসৰি, কৰ্তব্যৰত অৱস্থাতে মদৰ আড্ডা দিয়ে চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছে ৷ সম্প্ৰতি চিকিৎসালয়ৰ পৰিৱৰ্তে মদৰ আড্ডাস্থলীলৈহে পৰিণত হোৱাৰ অভিযোগ জে এছ বি অসামৰিক চিকিৎসালয় (Kajalgaon JSB Civil Hospital) ৷

নিশা কৰ্মৰত চিকিৎসক, নাৰ্ছৰ সুৰাপানৰ দৃশ্যও বন্দী হৈছে কেমেৰাত ৷ চিকিৎসালয়ৰ বন্ধ কোঠাত নিশা চলে সুৰাৰ পাৰ্টী ৷ উল্লেখযোগ্য শনিবাৰে নিশা প্ৰায় 1 বজাত ধনঞ্জয় বসুমতাৰী নামৰ এজন ব্যক্তিয়ে আত্মীয়ৰ চিকিৎসাৰ বাবে আহিছিল চিকিৎসালয়খনলৈ ৷ তাৰ পিচতেই কৰ্মৰত এগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্চক চিকিৎসালয়খনৰ বন্ধ কোঠাত সুৰাৰ বটলৰ সৈতে প্ৰত্যক্ষ কৰে চিকিৎসাৰ বাবে অহা লোকসকলে (Allegation of Irregularities) ৷

ইফালে মদ্যপানৰ ঘটনা সন্দৰ্ভত চিকিৎসাৰ বাবে অহা লোকে অভিযুক্ত নাৰ্ছ গৰাকীক প্ৰশ্ন সোধাত ওলোটাই চিকিৎসাৰ বাবে অহা লোকক ধমকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও চিকিৎসালয়খনত নৱজাতকৰ লগতে কেইবাগৰাকীও প্ৰসুতিৰ মৃত্যু হৈছিল ৷ মদ্যপান কৰি কৰা চিকিৎসাৰ বাবেই নৱজাতকৰ লগতে প্ৰসুতিৰ মৃত্যু হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে চিকিৎসালয় খনত চিকিৎসাৰ বাবে অহা ৰোগী তথা আত্মীয়ই ৷

আনহাতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ সৈতে জৰিত চিকিৎসক আৰু নাৰ্চ দুয়োজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে বড়ো নেচনেল ষ্টুডেণ্ট ইউনিয়নৰ চিৰাং জিলা সমিতিৰ সভাপতি ইন্দ্ৰ বসুমতাৰীয়ে ৷

লগতে পঢ়ক: Scam in distribution of government aid: কলগাছিয়াত গাওঁ প্ৰধানৰ চৰকাৰী সাহায্য বিতৰণত অনিয়ম

Last Updated : May 15, 2023, 9:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.