ETV Bharat / state

AJP Ek Asom Yatra : ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত চাকৰিৰ চিণ্ডিকেটৰাজ আৰম্ভ হৈছে; লুৰীণজ্যোতি গগৈ - বিজনী

এক অসম যাত্ৰাই শনিবাৰে অৰ্থাৎ তৃতীয় দিনা উপস্থিত হয় চিৰাঙৰ বিজনীত ৷ বিজেপিৰ নেতা, আৰ এছ এছৰ নেতা সকলোৱেই কেনেকৈ টকা-পইছা সংগ্ৰহ কৰি চাকৰি দিব পাৰে সেইটোৱেই তেওঁলোকৰ লক্ষ্য বুলি কয় লুৰীণজ্যোতি গগৈয়ে ৷

AJP President Lurinjyoti Gogoi
এক অসম যাত্ৰাৰ তৃতীয় দিন
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 7:37 PM IST

চিৰাঙৰ বিজনীত অজাপৰ এক অসম যাত্ৰা

চিৰাং, 23 ছেপ্টেম্বৰ : ধুবুৰীৰ পৰা অসম জাতীয় পৰিষদে আৰম্ভ কৰা এক অসম যাত্ৰাই, শনিবাৰে অৰ্থাৎ তৃতীয় দিনা উপস্থিত হয় চিৰাঙৰ বিজনীত ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত আৰম্ভ হোৱা এক অসম যাত্ৰা শনিবাৰে উপস্থিত হয় বিজনীত ৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰা, এক অসম, ঐক্যবদ্ধ অসমৰ লক্ষ্যৰে আৰম্ভ কৰা এই যাত্ৰা বিজনী মহাবিদ্যালয়ত উপস্থিত হৈ শ্বহীদ সকলৰ স্মৃতিত পবিত্ৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰে ৷

দলটোৱে বিজনী লক্ষ্মী মন্দিৰ, বিজনী জাম মছজিদ দৰ্শন কৰি সমদল কৰি আগবাঢ়ে ৷ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা সমদলটোৱে বিজনী চহৰ পৰিভ্ৰমণ কৰি বিজনী ছোৱালী হাইস্কুল খেলপথাৰত সামৰণি পেলায় ৷ ইয়াতেই ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

সংবাদ মাধ্যমক সম্বোধন কৰি অজাপৰ সভাপতি গৰাকীয়ে কয় যে, ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত অৰ্থাৎ বিজেপিৰ নেতৃত্বত চাকৰিৰ এক চিণ্ডিকেটৰাজ তেওঁলোকে আৰম্ভ কৰিছে ৷ সকলোৱেই জানে যে, বাজপেয়ী ভৱন এতিয়া দুৰ্নীতিৰ শ্বপিং মললৈ পৰিণত হৈছে ৷ বিজেপিৰ নেতা, আৰ এছ এছৰ নেতা সকলোৱেই কেনেকৈ টকা-পইছা সংগ্ৰহ কৰি চাকৰি দিব পাৰে সেইটোৱেই তেওঁলোকৰ লক্ষ্য বুলি কয় তেওঁ ৷

লুৰীণজ্যোতি গগৈয়ে কয় যে, বিজেপিৰ নেতাৰ ঘৰত জাপে জাপে এডমিট কাৰ্ড, অএমআৰ শ্বীট ওলায়, মুখ্যমন্ত্ৰীৰ সমষ্টিতে বয়স পাৰ হৈ যোৱা মানুহে চাকৰি পায়; এই সন্দৰ্ভত পাঁচজন মানুহৰ নামো কোৱা হ’ল ৷ কিন্তু মুখ্যমন্ত্ৰী এতিয়াও নিমাত ৷ সাধাৰণতে মিডিয়াৰ বুমবোৰ দেখিলেই ৰ’ব নোৱাৰা মুখ্যমন্ত্ৰীয়ে এই কথা কোৱাৰ পাছতো কোনো মন্তব্য ৰখা নাই ৷ এইটো আশ্চৰ্য্যজনক কথা বুলি কয় নেতাজনে ৷

লগতে পঢ়ক : Akhil Gogoi: বিৰোধিতা নকৰিলেও সমৰ্থনো কৰিব নোৱাৰি মহিলা সংৰক্ষণ আইনক; কিয় ক’লে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.