চিৰাং, 3 এপ্ৰিল : চিৰাঙৰ ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত সুপাৰীগুৰীত শনিবাৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা । সমষ্টিটোৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসৰ সমৰ্থনত অনুষ্ঠিত হয় এই সভাখন ।
সভাত জাতীয় পৰিষদৰ প্ৰশাসনিক সাধাৰণ সম্পাদক জগদীশ ভূঞাই অংশগ্ৰহণ কৰে ৷ সভাত তেওঁ কয়, কোনো দল বা ব্যক্তি সৰ্বকালৰ বাবে সৰ্বশক্তিমান হ'ব নোৱাৰে ৷ সকলোৰে এটা সীমা থাকে । কিছুমান ৰাজনৈতিক নেতাই ক্ষমতা পাই উন্মাদ আচৰণ কৰে ৷ তেওঁলোকে পাহৰি যায় ক্ষমতা জনসাধাৰণৰ অনুগ্ৰহত পোৱা এটা শক্তি ৷ যিকোনো মুহুৰ্তত জনসাধাৰণে ইয়াক কাঢ়ি আজুৰিযে আনিব পাৰে, সেই কথা পাহৰি যায় আৰু জনসাধাৰণক তুচ্ছ তাচ্ছিল্য কৰে বুলি মন্তব্য প্ৰকাশ কৰে ভূঞাই ৷ অসমত এইবাৰ অসমীয়াৰ স্বাভিমান থকা চৰকাৰ হ'ব বুলিও জগদীশ ভূঞাই মন্তব্য কৰে ।
উল্লেখ্য যে, এই সভাত অজাপৰ কেন্দ্ৰীয় সংখ্যালঘু শক্তিৰ সভাপতি জিয়াবুৰ ৰহমান খান, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিপুল পাঠক, খলিলুৰ ৰহমান, কল্যানী ৰায় আদি সকল উপস্থিত থাকে ৷
লগতে পঢ়ক:আজমল চিলেটীয়া মূলৰ মানুহ: ৰঞ্জিত দাস