ETV Bharat / state

চিৰাঙত গৰাখহনীয়াৰ কাল ৰূপ - চিৰাং জিলাত গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

চিৰাং জিলাৰ আই নদী,চম্পাৱতি নদী,আই পোৱালি,ভূৰ,মাক্ৰা,টাক্লাই,লাংকাৰ আদি নৈৰ গৰাখহনীয়াই এতিয়া ঠায়ে ঠায়ে লৈছে ভয়ংকৰ ৰূপ ।

চিৰাঙত গৰাখহনীয়াৰ কাল ৰূপ
চিৰাঙত গৰাখহনীয়াৰ কাল ৰূপ
author img

By

Published : Jul 18, 2020, 7:42 PM IST

চিৰাং, 18 জুলাই: চিৰাঙত ক্ৰমান্বয়ে উন্নত হৈছে বান পৰিস্থিতি । নৈ সমূহৰ পানী কমি অহাত বানাক্ৰান্ত অঞ্চলৰ লোক সকলে কিছু সকাহ লাভ কৰিছে । কিন্তু বান কমি আহিছে যদিও নৈৰ গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ । চিৰাং জিলাৰ আই নদী,চম্পাৱতি নদী,আই পোৱালি,ভূৰ,মাক্ৰা,টাক্লাই,লাংকাৰ আদি নৈৰ গৰাখহনীয়াই এতিয়া ঠায়ে ঠায়ে লৈছে ভয়ংকৰ ৰূপ ।

চিৰাঙত গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

এতিয়া চিৰাঙৰ দৈজিং উৎসৱস্থলীত থকা আই নদীৰ ওপৰৰ হাগ্ৰামা দলঙলৈ ভাবুকি কঢ়িয়াই আনিছে আই আৰু নাঙলভাঙা নদীৰ গৰাখহনীয়াই । লগতে হাগ্ৰামা দলঙৰ উত্তৰ দিশে নৈ দুখনৰ খহনীয়াৰ ফলত মূল পথচোৱা খহাই নিয়াৰ উপক্ৰম হৈছে । মাত্ৰ 15/20 ফুট আৰু খহনীয়া হলেই হাগ্ৰামা দলঙৰ উত্তৰ দিশৰ পথচোৱা খহাই নিব। অতি সোনকালে এই ঠাইত যদি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰে তেন্তে জিলাখনৰ উত্তৰ দিশৰ বৃহৎ অঞ্চল দ্বীপ সদৃশ আবদ্ধ হৈ পৰিব ।

চিৰাঙত গৰাখহনীয়া
চিৰাঙত গৰাখহনীয়া

ইতিমধ্যে মাদাৰপুৰ,নেপালপাৰা,শিশুবাৰী,নাঙলভাঙা আদি অঞ্চল আই আৰু নাঙলভাঙা নদীৰ গৰাখহনীয়াত দ্বীপত পৰিণত হৈছে । এতিয়া এই সমূহ অঞ্চলৰ যাতায়াতৰ এক মাত্ৰ মাধ্যম হৈ পৰিছে নাও । যদিহে এইখন দলং খহাই নিয়ে তেন্তে বৃহৎ অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ নাওখনেই একমাত্ৰ যোগাযোগৰ আহিলা হৈ ৰ’ব ৷

লগতে চাওক-জঘন্য : শিক্ষকৰ কামনাৰ বলি ছাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.