চিৰাং, ২৩ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা লক ডাউনৰ সময়ত জিলাখনৰ কৃষকসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ বুজ ল'বলৈ বুধবাৰে বঙাইগাঁৱত উপস্থিত হয় অসমৰ কৃষি মন্ত্ৰী অতুল বৰা। কৃষি মন্ত্ৰীগৰাকীয়ে তাত উপস্থিত হৈ বঙাইগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হোৱাৰ লগতে পাচত বঙাইগাঁৱৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি সকলৰ লগতো মত বিনিময় কৰে ।
বঙাইগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আয়োজিত মত বিনিময় অনুষ্ঠানত লক ডাউনৰ সময়ত লোকচানৰ সন্মুখীন হোৱা কৃষকসকলক কেনেদৰে সহায় কৰিব পাৰি তাৰে আঁচনি প্ৰস্তুত কৰিবলৈ সংকল্প গ্ৰহণৰ বিষয়ে জানিবলৈ দিয়ে ।
উল্লেখ্য যে,ভাৰত চৰকাৰে লক ডাউনৰ সময়ত যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা কৃষকসকলক ৰেহাই আৰু সহায়ৰ বাবে গুৰুত্ব আৰোপ কৰাৰ প্ৰসংগ উত্থাপন কৰি মন্ত্রী বৰাই লক ডাউনৰ সময়ত ৰাজ্যৰ কৃষকসকল সন্মুখীন হোৱা পৰিস্থিতিৰ কথা ব্যক্ত কৰে ।
অৱশ্যে কেইদিন মানৰ পিছতে কৃষকে খেতি পথাৰত ওলাব লাগিব বুলি উল্লেখ কৰি মন্ত্রী বৰাই ট্ৰেক্টৰৰ বাবে আবেদন কৰা বাচনিকৃত হিতাধীকাৰীক সোনকালে ট্ৰেক্টৰ,পাৱাৰ ট্ৰিলাৰ দিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিছে । আনহাতে ৰাজ্যৰ কৃষকসকলৰ সুবিধাৰ্থে হ্ৰস্বকালীন আৰু দীর্ঘকালীন কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ।
- অসমত পুনৰ এজন ব্যক্তি কৰ'ণাত আক্ৰান্ত