ETV Bharat / state

চিৰাঙৰ বান পৰিস্থিতিৰ বুজ ল'লে এবছুৰ সভাপতি দ্বীপেন বড়োৱে

author img

By

Published : Jul 17, 2020, 7:56 PM IST

Updated : Jul 17, 2020, 8:07 PM IST

অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু বান সাহায্যৰ বাবে অসমক ১০ হাজাৰ কোটি টকা প্ৰদানৰ দাবীত প্ৰধান মন্ত্ৰীলৈ এবছুৰ স্মাৰক পত্ৰ ৷

চিৰাঙৰ বান পৰিস্থিতিৰ বুজ ল'লে এবছুৰ সভাপতি দ্বীপেন বড়োৱে
চিৰাঙৰ বান পৰিস্থিতিৰ বুজ ল'লে এবছুৰ সভাপতি দ্বীপেন বড়োৱে

চিৰাং, 17 জুলাইঃ শুকুৰবাৰে চিৰাঙৰ বান পৰিস্থিতিৰ বুজ লয় নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োৰ নেতৃত্বত অহা এবছুৰ এটা সজাতি দলে। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী এবছুৰ সভাপতি দ্বিপেন বড়োৰ। আজি চিৰাং জিলা উপায়ুক্তৰ জড়িয়তে ছাত্ৰ নেতাজনে অসমৰ বানপানী সমস্যা সন্দৰ্ভত পাঁচদফীয়া দাবী সম্বলিত এক স্মাৰক ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰকত উল্লেখিত দাবী সমুহ ক্ৰমে,

দ্বীপেন বড়ো
  1. অতি শীঘ্ৰে অসমৰ বানাক্ৰান্ত অঞ্চল সমুহ প্ৰধান মন্ত্ৰী জনে ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'ব লাগে।
  2. অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি ৰাষ্ট্ৰীয় ভাৱে এই বান সনস্যাৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা। যাতে ভৱিষ্যতে পুনৰ অসমবাসীয়ে এই দৰে বাৰে বাৰে বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'বলগীয়া নহয়।
  3. অসমৰ বানাক্ৰান্ত অঞ্চলৰ ক্ষতিগ্ৰস্ত লোক সকলৰ ক্ষতিপুৰণ আৰু পুনৰ সংস্থাপনৰ বাবে দহ হেজাৰ কোটি টকাৰ বিশেষ পেকেজ ঘোষণাৰ দাবী জনায়
  4. আনহাতে কেন্দ্ৰীয় চৰকাৰে বিশেষ পেকেজ ঘোষণাৰে অসমৰ নৈ,উপনৈ সমুহৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু বানপানীত ক্ষতি হোৱা নদীবান্দ,মথাউৰী, পথ,দলং আদি তৎকালিন ভাৱে মেৰামতিৰ দাবী জনায় এবছুয়ে ৷ এবছুৰ সভাপতি দ্বিপেন বড়োৱে কয় যে সমগ্ৰ অসমৰ বান পীড়িত অঞ্চল বিগত এমাহৰ পৰাই এবছুয়ে পৰ্যবেক্ষণ কৰি আছিল । সেয়ে আজি পুৰ্বে কৰি অহা দাবী পুনৰ কৰিবলগীয়া হ'ল আৰু আজি এই দৰে প্ৰধান মন্ত্ৰীক স্মাৰক প্ৰদান কৰে। বিটিচিত ৰাজ্যপালৰ শাসন চলি থকা বাবে ৰাজ্যপালকো বানপীড়িত অঞ্চল ভ্ৰমণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় এবছুৰ সভাপতি জনে। তেওঁ লগতে কয় যে মুখ্য মন্ত্ৰীয়ে অসমৰ বিভিন্ন অঞ্চলৰ বানপীড়িত অঞ্চল ভ্ৰমণ কৰাৰ দৰে নামনি অসমৰ চিৰাং,বাক্সা আদি জিলাও ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । লক ডাউনৰ সময়ত যিদৰে প্ৰধান মন্ত্ৰীয়ে পশ্চিমবংগত ভ্ৰমণ পৰি ধুমুহাৰ বুজ লৈছিল সেই দৰে অসমৰ দুৰ্যোগ বান পানীৰ সময়তো প্ৰধান মন্ত্ৰীয়ে অসম ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈ কেন্দ্ৰীয় পেকেজ ঘোষনাৰ দাবী জনায় এবছুৰ সভাপতিজনে।

    আজি প্ৰধান মন্ত্ৰীলৈ চিৰাং জিলা উপায়ুক্তৰ জড়িয়তে স্মাৰক প্ৰদানৰ সময়ত এবছুৰ সভাপতি দ্বিপেন বড়োৰ লগতে কেন্দ্ৰীয় সম্পাদক খোৰৌমদাউ ৱেৰী,চিৰাং জিলা সভাপতি খনিন্দ্ৰ বসুমতাৰী,উপ সভাপতি ৰাজিব মুচাহাৰী,জিলা সাধাৰণ সম্পাদক দিলিপ বসুমতাৰী উপস্থিত থাকে ।

    এবছুৰ সভাপতি দ্বিপেন বড়োৱে ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যকো নিন্দা জনায় । এবছুৱে এই দৰে সাংবাদিকক নিশা গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে ৰাজীৱ শৰ্মাৰ ওপৰত আৰক্ষীয়ে যি অত্যাচাৰ কৰিছে এইক্ষেত্ৰত অসম চৰকাৰে নিৰপেক্ষ তদন্ত কৰিব লাগে বুলি দ্বীপেন বড়োৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত দাবী জনায়।
    বান পৰিস্থিতিৰ বুজ ল'লে এবছুৰ সভাপতি দ্বীপেন বড়োৱে

    লগতে চাওকঃ পৰ্বতাৰোহী অনচু জেমছেনপাৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

Last Updated : Jul 17, 2020, 8:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.