ETV Bharat / state

অভয়াকুটি কাণ্ডৰ দোষীক ফাঁচীৰ দাবী এবছুৰ - ABSU demand death penalty of rapist

যোৱা 11 জুনৰ নিশা কোকৰাঝাৰ জিলাৰ অভয়াকুটি গাঁৱত দুগৰাকী জনজাতি কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত অভিযুক্তক ফাঁচীৰ দাবী এবছুৰ ৷ এই দাবীৰে চিৰাঙৰ কাজলগাঁৱত এবছু আৰু বড়ো মহিলা সমন্বয় সমিতিৰ এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ৷

absu-demand-death-penalty-of-rapist-of-kokrajhar-incident
অভয়াখুটী কাণ্ডৰ দোষীক ফাঁচীৰ দাবী এবছুৰ
author img

By

Published : Jun 20, 2021, 11:48 AM IST

Updated : Jun 20, 2021, 7:35 PM IST

চিৰাং, 20 জুন : কোকৰাঝাৰ জিলাৰ অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত সকলৰ ফাঁচীৰ দাবীত চিৰাঙৰ কাজলগাঁৱত এবছু আৰু বড়ো মহিলা সমন্বয় সমিতিৰ এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ৷ যোৱা 11 জুনৰ নিশা কোকৰাঝাৰ জিলাৰ অভয়াকুটি গাঁৱত দুগৰাকী জনজাতি কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত অভিযুক্ত সকলক উচিত শাস্তি প্ৰদানৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ৰূপায়ন কৰা হয় এই কাৰ্যসূচী ৷ শনিবাৰে কাজলগাঁৱৰ জিলা এবছুৰ কাৰ্যালয়ৰ সন্মূখত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে বড়ো মহিলা সমন্বয় সমিতিৰ সদস্য সকলে ৷

absu-demand-death-penalty-of-rapist-of-kokrajhar-incident
অভয়াখুটী কাণ্ডৰ দোষীক ফাঁচীৰ দাবী এবছুৰ

ঘটনাত জড়িত দোষীক ফাষ্টট্ৰেক আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰী সকলৰ ৷ উল্লেখ্য যে,কোকৰাঝাৰ জিলাৰ অভয়াকুটিৰ উক্ত ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত সকলৰ ফাঁচীৰ দাবী কৰে প্ৰতিবাদস্থলীত উপস্থিত থকা অৰ্ধ শতাধিক ছাত্ৰী আৰু মহিলাই ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে কয় যে, "কোকৰাঝাৰ অভয়াখুটীৰ ঘটনাত গ্ৰেপ্তা হোৱা দোষী সকলক ফাষ্ট ট্ৰেক আদালতৰ জড়িয়তে ফাচি দিব লাগে ৷ যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ মানুহে ভয় কৰে "৷ সমাজত পুনৰ যাতে এই ধৰণৰ জঘন্য ঘটনা সংঘটিত নহয় তাৰ বাবেই এবছু এনেধৰণৰ কঠোৰ শাস্তি প্ৰদান পক্ষপাতী বুলি উল্লেখ কৰে নেতা গৰাকীয়ে ৷

ইয়াৰ লগতে খনিন্দ্ৰ বসুমতাৰীয়ে কয় যে, চৰকাৰে সাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে ৷ লগতে অতি কম সময়ৰ ভিতৰতে ঘটনাত জড়িত দোষীক কৰায়ত্ত কৰাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জনাই এবছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জড়িয়তে মুখ্য মন্ত্ৰী আৰু বিটিআৰ মুখ্য প্ৰমোদ বড়োলৈ স্মাৰক পত্ৰ প্ৰদান কৰে এবছুয়ে ৷

লগতে পঢ়কঃ ক'ল ইণ্ডিয়া কৰ্তৃপক্ষৰে মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Last Updated : Jun 20, 2021, 7:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.