চিৰাং, 5 মাৰ্চঃ চিৰাঙৰ কাজলগাঁৱত আদীবাসী সকলৰ বিভিন্ন দাবীত ৪ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী । চিৰাং জিলা সদৰ কাজলগাঁৱত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাৰিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে আদীবাসী বিভিন্ন দল-সংগঠনে । আনহাতে, আদীবাসীক বিটিচি নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিটিচি নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে আদীবাসী জাতীয় মহাসভাৰ সম্পাদক তথা বিৰ্ছা কমাণ্ডো ফৰ্চৰ মুখ্য সেনাধক্ষ্য বীৰসিং মুণ্ডাই ৷
![চিৰাং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangaasaanc4hourdharna-vis-10012_05032020140742_0503f_1583397462_135.jpg)
সদৌ অসম আদীবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ চিৰাং জিলা সমিতি উদ্যোগত আয়োজিত এই ধৰ্ণা কাৰ্যসূচীত আদীবাসী জাতীয় মহাসভা, যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠন বিৰ্ছা কমাণ্ডো ফৰ্চ, কোব্ৰা মিলিটেন্ট ফৰ্চকে আদি কৰি কেবাটাও সংগঠনে যৌথভাৱে আয়োজন কৰে ধৰ্ণা কাৰ্যসূচী ৷ কাৰ্যসূচীত জনজাতিকৰণ, ভূমিপট্টা প্ৰদান, যুদ্ধবিৰতিত থকা পাঁচটাকৈ আদীবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে চৰকাৰে শীঘ্ৰেই শান্তি আলোচনা অনুষ্ঠিত কৰাৰ দাবী জনায় । চলিত বিধান সভাৰ অধিৱেশনতে আদীবাসী সকলৰ এই সমুহ দাবী সমাধানৰ বাবে দাবী জনাই জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।