চিৰাং, 4 নৱেম্বৰ : বুধবাৰে চিৰাং আৰক্ষীয়ে অভিযান চলাই 9 খন চুৰি টেক্টৰ জব্দ কৰাৰ লগতে 2 জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, বিগত কেইমাহত জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত দাউখানগৰ, ওদিলগুৰি, ছোটোআমগুৰি আদি গাঁৱৰ সাধাৰণ কৃষকৰ 9 খন ট্ৰেক্টৰ আদালতত চুক্তি কৰি ভাড়ালৈ লৈছিল বঙাইগাঁও জিলাৰ চাপৰাকাটাৰ ৰবিন চন্দ্ৰ বৰুৱা নামৰ লোক এজনে ।
![9 Tractor Resue In Chirang police, Two Arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangtracktorthiefgangarresttwo-vis-10012_04112020174210_0411f_1604491930_414.jpg)
কিন্তু ভাড়ালৈ লোৱা টেক্টৰ সমূহ লোকজনে বিক্ৰী কৰি দিয়ে বুলি অভিযোগ উত্থাপন হৈছে । পৰৱৰ্তী সময়ত ট্ৰেক্টৰৰ মালিক সকলে ভাড়াৰ ধন বিচাৰি গলে ভাড়াতো বাদেই ট্ৰেক্টৰো নিদিয়াত ট্ৰেক্টৰৰ মালিকে ঢালিগাঁও থানাত অৱগত কৰে আৰু 1 নৱেম্বৰত ঢালিগাঁও থানাত ভাৰতীয় দণ্ডবিধিৰ 420/406/38 ধাৰা অনুসৰি 298/2020 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
![9 Tractor Resue In Chirang police, Two Arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangtracktorthiefgangarresttwo-vis-10012_04112020174210_0411f_1604491930_655.jpg)
লগতে পঢ়ক : চাৰি দশকত শীৰ্ষ আদালতত সম্পন্ন ধৰ্ষণ আৰু হত্যাৰ 67 গোচৰৰ ৰায়দান
চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এই সন্দৰ্ভত জনায় যে, আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰাৰ পিচতে তদন্ত আৰম্ভ কৰে ৷ তদন্তত এই চক্ৰটোৰ মূল অভিযুক্ত বঙাইগাঁও জিলাৰ চাপৰাকাটাৰ ৰবিন চন্দ্ৰ বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ সৈতে জড়িত বঙাইগাঁও জিলাৰ পশ্চিম ভাদ্ৰাগাঁৱৰ নবিৰ আলীকো গ্ৰেপ্তাৰ কৰি টেক্টৰ সমূহ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
![9 Tractor Resue In Chirang police, Two Arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-04-chirangtracktorthiefgangarresttwo-vis-10012_04112020174210_0411f_1604491930_194.jpg)
উল্লেখ্য যে, বিগত তিনিদিনত আৰক্ষীয়ে গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং জিলাৰ কেইবাখনো ঠাইত অভিযান চলাই 9 খন ট্ৰেক্টৰ উদ্ধাৰ কৰে বুলিও জনাই আৰক্ষী অধীক্ষক গৰাকীয়ে ।
লগতে পঢ়ক : অপৰাধীক কৰায়ত্ব কৰাৰ বাবে কৰিমগঞ্জত আৰক্ষীক সময় বান্ধি দিলে ৰাইজে