ETV Bharat / state

ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহ পাত উদ্ধাৰ - বিজনী

চিৰাং জিলাৰ বিজনী আৰক্ষীৰ বৃহৎ সফলতা । ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহপাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সুদূৰ পশ্চিমবংগৰ বাৰবিশাৰ পৰা

ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহ পাত উদ্ধাৰ
author img

By

Published : Aug 8, 2019, 9:34 PM IST

চিৰাং,8 আগষ্ট : চিৰাং জিলাৰ বিজনী আৰক্ষীৰ বৃহৎ সফলতা । ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহপাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সুদূৰ পশ্চিমবংগৰ বাৰবিশাৰ পৰা। আৰক্ষী সূত্ৰে প্ৰকাশ যে যোৱা ২ আগষ্ট তাৰিখে বিজনীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ পৰা চিনেমাৰ কায়দাৰে ৬ জনীয়া এটা ডকাইতৰ দলে মাজনিশা চাহপাত ভৰ্তি ট্ৰাক এখন কলকাতা অভিমূখে গৈ থকা অৱস্থাত গাড়ীচালকসহ অপহৰণ কৰে ৷ কিন্তু চালকজনক মুখত চকুত ক'লা কাপোৰ বান্ধি কোকৰাঝাৰ জিলাৰ ছৈবাৰীৰ চাহ বাগিচাত পেলাই থৈ যায় ৷

ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহ পাত উদ্ধাৰ

উক্ত ঘটনাক কেন্দ্ৰ কৰি গাড়ী চালকজনে এখন এজাহাৰ দাখিল কৰে বিজনী আৰক্ষী থানাত। এজাহাৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায় । উক্ত অভিযানত চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ দংশিয়াপাৰা অঞ্চলৰ ৰাজু বৰ্মণ নামৰ এজন ২৫ বছৰীয়া যুৱকক সন্দেহ জনকভাৱে আটক কৰি বিজনী থানালৈ আনে। সোধপোছ কৰাত উক্ত ঘটনাটোৰ লগত নিজে জড়িত থকা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে ৰাজু বৰ্মন নামৰ যুৱকজনে। আৰক্ষীৰ তদন্তত পশ্চিমবংগৰ ধুপগুৰীত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় চাহপাত ভৰ্তি WB-24C-7204 নম্বৰৰ ১২ চকীয়া ট্ৰাকখন ৷ লগতে আৰক্ষীয়ে জব্দ কৰে চাহপাত খিনি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ লোৱা এখন WB-69-8968 নম্বৰৰ চাহপাত ভৰ্তি অৱস্থাত ব'লেৰো পিক আপ ভেন। উল্লেখযোগ্য যে আটকাধীন ৰাজু বৰ্মন ইতিপূৰ্বে প্ৰাক্তন বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ চোৰাংচোৱা হিচাপে নিয়োজিত হৈ একাধিক অসাধু ব্যৱসায়ৰ সৈতে জৰিত হোৱাত বনমন্ত্ৰীয়ে নিজে লজ্জিত হৈ স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল সংবাদ মাধ্যমৰ আগত ।

Intro:চিৰাঙৰ বিজনীত ডকাইতিকাণ্ড, চাহ পাত কঢ়িয়াই নিয়া গাড়ীত ডকাইতি, পশ্চিবঙ্গত আটক ২ দুৰ্ধষ ডকাইত।

Body:চিৰাং জিলাৰ বিজনী আৰক্ষীৰ বৃহত সফলতা। ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহ পাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সুদূৰ পশ্চিমবঙ্গৰ বাৰবিশাৰ পৰা।

আৰক্ষী সুত্ৰে প্ৰকাশ যে যোৱা ২ আগষ্ট তাৰিখে বিজনীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ পৰা চিনেমাৰ কায়দাৰে ৬ জনীয়া এটা ডকাইতৰ দলে মাজনিশা চাহপাত ভৰ্তি ট্ৰাক এখন বিশ্বনাথ চাৰিয়ালিৰ পৰা কলকাতা অভিমূখে গৈ থকা অবস্থাত WB-24-C/7204 নং ১২ চকীয়া ট্ৰাক এখন আৰু গাড়ী চালকক অপহৰন কৰি চালক জনৰ মুখে চকুত ক'লা কাপোৰ বান্ধি কোকৰাঝাৰ জিলাৰ ছৈবাৰীৰ চাহ বাগিচাত দলিয়াই পেলাই দিছিল ।
উক্ত ঘটনাক কেন্দ্ৰ কৰি গাড়ী চালক জনে বিজনী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত আৰক্ষীয়ে চলায় অভিযান। উক্ত অভিযানত চিৰাং জিলাৰ ভাৰত ভূটান সিমান্তৰ দংশিয়াপাৰা অঞ্চলৰ ৰাজু বৰ্মণ নামৰ এজন ২৫ বছৰীয়া যুৱকক সন্দেহ জনক ভাৱে আটক কৰি বিজনী থানালৈ আনে।

ঘটনাৰ বিবৰণী মতে বিজনী আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত আটক কৰা ৰাজু বৰ্মনক উৰ্জুপৰি সোধপোছ কৰাত উক্ত ঘটনাটোৰ লগত ৰাজু বৰ্মন নিজে জড়িত থকা বুলি আৰক্ষীৰ ওচৰত স্বিকাৰ হয় । দাক্ষিনাত্যৰ চিনেমাৰ কায়দাৰে ৰাজু বৰ্মনে নিজে আৰু লগত থকা আন ৫ জনীয়া ডকাইতৰ দলটিয়ে AS-25-N/0311 নং এখন বলেৰো লাক্সাৰী গাড়ী লৈ চাহ পাত ভৰ্তি ট্ৰাকখনৰ আগত ৰখায় আৰু চালকক অপহৰন কৰি পশ্চিমবঙ্গৰ আলিপুৰদূৱাৰ জিলাৰ বাৰবিশাত ছিপলু সাহাৰ গুদামত চাহ পাত খিনি গাড়ীৰ পৰা খালী কৰে লগতে WB-24-C/7204 নং ১২চকীয়া ট্ৰাক খন পশ্চিমবঙ্গৰ ধুপগুৰীত পৰিত্যাক্ত অৱস্থাত এৰি থৈ আহে।

বিজনী আৰক্ষীৰ দলে বাৰবিশাৰ ছিপলু সাহাৰ গুদামত উপস্থিত হৈ ৫৪৪ বেগ চুৰি চাহ পাত উদ্ধাৰ কৰাৰ লগতে গুদামৰ শ্বত্তাধিকাৰী ছিপলু সাহাক আটক কৰি বিজনী থানালৈ লৈ আহে। চাহ পাত খিনি বহিৰাজ্যলৈ প্ৰেৰন কৰিব লোৱা এখন WB-69/8968 নম্বৰৰ চাহ পাত ভৰ্তি অৱস্থাত বোলেৰো পিক আপ ভেন খনো জব্দ কৰে।।

Conclusion: উল্লেখ যে যোৱা ২৭ জুলাই তাৰিখে কোকৰাঝাৰৰ পৰা একেদৰে এখন চাহ পাত ভৰ্তি ট্ৰাক উধাও হেছিল। ২আগষ্ট তাৰিখৰ এজাহাৰ ভিত্তিত WB-24-C/7204 নং ট্ৰাক খনত ৪২০ বেগ চাহ পাত আছিল কিন্তু ছিপলু সাহা ৰ গুদামৰ পৰা ৫৪৪ বেগ চাহ পাত উদ্ধাৰ হোৱাত কোকৰাঝাৰ আৰক্ষীয়ে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি ৰ লগত যোগাযোগ কৰাত বাকী ১২৪ বেগ চাহ পাত কোকৰাঝাৰৰ পৰা চোৰ হোৱা বুলি প্ৰমানিত হয়।
আৰক্ষীয়ে জানিব দিয়া মতে ঘটনাৰ লগত জৰিত ২ জনক আটক কৰিছে যদিও বাকি কেইজনক অতিশীঘ্ৰেই কৰায়ত্ব কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আটকাধিন ২ জনৰ পৰা আৰক্ষীয়ে ২টা মোবাইল ফোন, ১খন বোলেৰো লাক্সাৰী গাড়ী, ১খন বোলেৰো পিকাপ ভেন, চি,চি,টি,ভি, ডিভিআৰ বাকচ ১খন আৰু অন্যান্য নথিপত্ৰ জব্দ কৰে। এই ডকাইতি কাণ্ড সন্দৰ্ভত বিজনী আৰক্ষী থানাত আটকাধীন যুৱক দ্বয়ৰ বিৰুদ্ধে ২৫৫/১৯ নং গোচৰ পঞ্জিয়ন কৰে।

আটকাধীন ৰাজু বৰ্মন ইতিপুৰ্বে প্ৰাক্তন বণমন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মৰ চোৰাং চোৱা হিচাবে নিয়জিত হৈ একাধিক অসাধু ব্যৱসায়ৰ সৈতে জৰিত হোৱাত বণমন্ত্ৰীয়ে নিজে লজ্জিত হৈ সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰন দিবলৈ বাধ্য হৈছিল। প্ৰায় ৬ মাহ পূৰ্বে গুৱাহাটিৰ পৰা এখন চিমেন্ট ভৰ্তি ট্ৰাক চুৰি কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে বঙাইগাওঁ জিলাৰ গেৰুকাবাৰী আৰক্ষীৰ সহযোগত ৰাজু বৰ্মণ ক বিজনী দংশীয়াপাৰা স্থিত নিজ ঘৰৰ পৰা আটক কৰিছিল কুখ্যাৎ চোৰ ৰাজু বৰ্মনক। বাৰম্বাৰ ৰঙা ঘৰৰ আলহি হোৱা এই চোৰ জনক উপযুক্ত শাস্থি বিহাৰ দাবী জনাইছে সচেতন মহলে।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.