চিৰাং, 24 মে': চিৰাং জিলাত চাৰিজনকৈ যুৱক Covid-19 ত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হৈছে । এই যুৱক কেইজন চেন্নাইৰ পৰা ৰেলেৰে আহি কোকৰাঝাৰত উপস্থিত হৈছিল আৰু তাৰ পৰা চিৰাং জিলা প্ৰশাসনে ১৭ মে'ত চিৰাং জিলাৰ সদৰ কাজলগাঁও হাইস্কুল কোৱাৰেন্টাইন চেন্টাৰত ৰাখিছিল ৷ 18 মে'ৰ দিনা তেওঁলোকৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ পৰীক্ষাত তেওঁলোকক পজিটিভ লাভ কৰা হয় ৷ আক্ৰান্ত চাৰিজন হৈছে বিজয় বসুমতাৰী, ফাকন ইশ্বৱাৰী, প্ৰকাশ নাৰ্জাৰী আৰু ছেভিঅ বৰগয়াৰী ৷
স্বাস্থ্যমন্ত্ৰীৰ টুইটৰ পাচতে নিশা ১২ বজাত চাৰিওজনক কাজলগাঁও হাইস্কুলৰ পৰা এম্বুলেঞ্চেৰে জিলা সদৰৰ কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই সময়ছোৱাত জিলা উপায়ুক্তৰ লগতে জিলা স্বাস্থ্য বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থাকে । জিলা যুটীয়া স্বাস্থ্য বিষয়া ৰাতুল বৰদলৈয়ে জনাই যে, যিহেতু চাৰিওজন ৰোগী বৰ্তমান শাৰীৰিকভাৱে সুস্থ অৱস্থাত আছে সেয়ে তেওঁলোকক কাজলগাঁৱতে ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব । শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিলেহে তেওঁলোকৰ চিকিৎসা ক'ত কৰা হ'ব সেই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ উল্লেখ্য যে, এতিয়াও কাজলগাঁও হাইস্কুলৰ কোৱাৰেন্টাইন চেন্টাৰত বহি:ৰাজ্যৰ পৰা অহা ২০ জন লোক আছে ।
![4-covid-19-positive-patients-in-chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirang4positivecovit19patient-vis-10012_24052020023626_2405f_00000_401.jpg)
জিলা উপায়ুক্ত গৌতম তালুকদাৰে কয় যে, চিৰাং জিলাৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত বহি:ৰাজ্যৰ পৰা অহা 150 ৰো অধিক লোক আছে । সকলোৰে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ কথাও জনাই জিলা উপায়ুক্ত গৰাকীয়ে ৷
![4-covid-19-positive-patients-in-chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirang4positivecovit19patient-vis-10012_24052020023626_2405f_00000_130.jpg)
উল্লেখ্য যে, বৰ্তমান পৰ্যন্ত চিৰাং জিলাত Covid-19 আক্ৰান্তৰ সংখ্যা পাঁচজন হৈছেগৈ ৷ পূৰ্বে মুম্বাইৰ পৰা আহি গুৱাহাটীত কোৱাৰেন্টাইনত থকা বিজনীৰ এজন লোক আক্ৰান্ত হৈছিল ৷ কৰ'ণা আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাচত তেওঁ গুৱাহাটীত চিকিৎসাধীন হৈ আছে ৷