ETV Bharat / state

Rhino poacher arrested: চিৰাঙত তিনি দুৰ্ধৰ্ষ গঁড় চিকাৰী গ্ৰেপ্তাৰ - মানাহ ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা

গঁড় চিকাৰ বন্ধ কৰিবলৈ অসম আৰক্ষীৰ এছটিএফে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য় পাৰ্থ সাৰথি মহন্তৰ ।

Rhino poacher arrest in Assam
মানাহ ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা
author img

By

Published : Aug 13, 2023, 8:20 PM IST

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যা

চিৰাং, ১৩ আগষ্ট: চিৰাঙত বন বিভাগৰ অভিযানত তিনি গঁড় চিকাৰী গ্ৰেপ্তাৰ । মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ গঁড় চিকাৰ কৰা বুলি ধৃত তিনি চিকাৰীয়ে ইতিমধ্যে বন বিভাগৰ আগত স্বীকাৰোক্তি দিয়া বুলি বন বিভাগৰ সুত্ৰে প্ৰকাশ । শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গড় চিকাৰে ঘটনা পোহৰলৈ অহাৰ পিচতেই বন বিভাগ, আৰক্ষীৰ এছটিএফ, এছএছবি,বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যু'ৰই যৌথভাৱে অভিযান চলায় । এই অভিযান অব্যাহত ৰখাৰ মাজতেই বন বিভাগে এই তিনি চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই বিষয়ে দেওবাৰে সদৰী কৰিছে চিৰাঙৰ ডিএফঅ' ব্ৰহ্মানন্দ পাতিৰীয়ে ।

চিৰাঙৰ ডিএফঅ' ব্ৰহ্মানন্দ পাতিৰীয়ে কয় যে এই ঘটনাৰে জড়িত চিকাৰী তিনিটা হৈছে ক্ৰমে চিৰাঙৰ জয়পুৰ মালিভিটাৰ বিৰণ নাৰ্জাৰী (৩০),মালিভিটা লাউৰিপাৰাৰ নোৱেশ্বৰ বসুমতাৰী (৪০) আৰু মালিভিটাৰ নল বাহাদুৰ মগৰ(২৮)। গ্ৰেপ্তাৰ হোৱা চিকাৰীকেইটাৰ পৰা গড়ৰ নখ,ছালসহ চিকাৰত ব্যৱহাৰ কৰা বন্দুক, তিনি কেজি ওজনৰ গুলি জব্দ কৰে বন বিভাগে ।

ইপিনে, এই সন্দৰ্ভত চিৰাঙত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া তথা অসম এছটিএফৰ মুৰব্বী পাৰ্থ সাৰথি মহন্তই কয় যে অসমত গঁড় হত্যা ৰোধ কৰাটো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ পদক্ষেপ । সেয়ে অসম আৰক্ষীয়ে গঁড় হত্যাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে । গঁড় হত্যা ৰোধৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়া তথা অসম এছটিএফৰ মুৰব্বী পাৰ্থ সাৰথি মহন্তই ।

চিৰাঙত গ্ৰেপ্তাৰ কৰা তিনি গঁড় চিকাৰীৰ বিষয়ে চিৰাং বন বিভাগৰে বিশেষ আলোচনাত মিলিত হোৱাৰ লগতে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিষয়েও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে । গঁড় হত্যাত জড়িত সকলো লোকক গ্ৰেপ্তাৰ কৰি কঠোৰ ৱ্যৱস্থা লোৱা হ'ব বুলিও তেওঁ কয় ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা হোৱা বিষয়টো বন বিভাগৰ সৈতে এছটিএফে বিশেষ সতৰ্কতাৰে পৰ্যৱেক্ষণ কৰি থকা বুলিও তেওঁ কয় । ইয়াৰ ফলতেই তিনিটা গঁড় চিকাৰী অস্ত্ৰসহ চিৰাঙত গ্ৰেপ্তাৰ কৰিব পৰা গৈছে বুলিও কয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়া তথা অসম এছটিএফৰ মুৰব্বী পাৰ্থ সাৰথি মহন্তই ।

লগতে পঢ়ক:Meri Mati Mera Desh:আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি "মোৰ মাটি মোৰ দেশ" শীৰ্ষক অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.