ETV Bharat / state

চৰাইদেউ আৰক্ষীৰ জালত স্বামী-সন্তান এৰি আলফালৈ যোৱা মহিলা

author img

By

Published : Apr 11, 2022, 8:08 PM IST

ইজনৰ পাছত সিজনকৈ আলফা(স্বাঃ) লৈ ৰাওনা হৈছে ৰাজ্যৰ যুৱক । এইবাৰ স্বামী-সন্তান এৰি আলফা(স্বাঃ)লৈ ঢাপলি মেলিলে এগৰাকী মহিলাই । নগাঁও আৰক্ষীয়ে যোগান ধৰা তথ্যৰ ভিত্তিত চৰাইদেউ আৰক্ষীয়ে আটক কৰে বিবাহিতা মহিলাগৰাকীক (Charaideu Police arrests woman suspect of joining Ulfa)।

woman arrested for joining ulfa
স্বামী-সন্তান এৰি আলফালৈ মহিলা: চৰাইদেউ আৰক্ষীৰ হাতত আটক

মৰাণ, ১১ এপ্ৰিল : ৰাজ্যত অব্যাহত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত যোগদান প্ৰক্ৰিয়া । ইজনৰ পাছত সিজনকৈ যুৱকে যোগদান কৰিছে আলফা স্বাধীনত (Youth from Assam joins in Ulfa I)। বহু যুৱতীও পৰেশপন্থী শিৱিৰলৈ ৰাওনা হোৱাৰ তথ্য পোৱা গৈছে । এইবাৰ আলফা (স্বাঃ)ত যোগদান কৰিবলৈ ঢাপলি মেলিছে মহিলা ।

স্বামী-সন্তান এৰি আলফা স্বাধীনত যোগদান কৰিবলৈ আহি দেওবাৰে আটক হ'ল এগৰাকী বিবাহিত মহিলা । অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত চৰাইদেউ আৰক্ষীয়ে আটক কৰে নগাঁও জিলাৰ মালবিকা বৰা চৌধুৰী ওৰফে মল্লিকা বেগম নামৰ বিবাহিতা মহিলাগৰাকীক(Charaideu Police Arrest woman for joining Ulfa) ।

স্বামী-সন্তান এৰি আলফা স্বাধীনত যোগদান কৰিবলৈ আহি দেওবাৰে আটক নগাঁও জিলাৰ মালবিকা বৰা চৌধুৰী ওৰফে মল্লিকা বেগম

নগাঁও আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় মালবিকা বৰা চৌধুৰী ওৰফে মল্লিকা বেগমক । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে আলফা স্বাধীনৰ সদস্য অভিজিৎ অসমৰ নেতৃত্বত নিষিদ্ধ ঘোষিত সংগঠনটোত অব্যাহত আছে সদস্য ভৰ্তি অভিযান ।

বৰ্তমান মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । মহিলাগৰাকীয়ে সংগঠনটোত কাৰ জৰিয়তে যোগদান কৰিবলৈ আহিছিল আৰু কাৰ ওচৰলৈ যাত্ৰা কৰিছিল সেই সন্দৰ্ভত সোধাপোছা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে চৰাইদেউ আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: আজি কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হ’ব জ্ঞানপীঠ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.