ডিব্ৰুগড়, 23 অক্টোবৰ : সোণাৰিত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ (ULFA cader surrendered at Sonari)। দেওবাৰে চৰাইদেউ জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা স্বাধীনৰ কেডাৰ পংকজ গোঁহাই ওৰফে ভৈৰৱ অসমে । সোণাৰিত আলফা স্বাধীনৰ সদস্যগৰাকীয়ে আত্মসমৰ্পণ কৰাৰ পাচতে এই সন্দৰ্ভত সবিশেষ তথ্য সদৰী কৰে চৰাইদেউ জিলা আৰক্ষীয়ে ।
আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, আত্মসমৰ্পণকাৰী পংকজ গোঁহাই ওৰফে ভৈৰৱ অসম বানফেৰাৰ বাসিন্দা ৰঞ্জিত গোহাঁইৰ পুত্ৰ । 2016 চনত আলফা স্বাধীনত যোগদান কৰিছিল পংকজে ৷ কিন্তু 2019 চনত পংকজক অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ আৰক্ষীয়ে আটক কৰিছিল ।
তাৰ পাচৰ পৰা কাৰাৰুদ্ধ হৈ আছিল পংকজ ৷
অৱশ্যে পৰৱৰ্তী সময়ত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে আলফা স্বাধীনৰ আত্মসমৰ্পণকাৰী কেডাৰ পংকজ গোঁহাই ওৰফে ভৈৰৱ অসমে ৷ কিন্তু কাৰাগাৰৰ পৰা মুক্তি হোৱাৰ পাচতে আজি অৰ্থাৎ দেওবাৰে চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে পংকজ গোঁহাই ওৰফে ভৈৰৱ অসমে । অৱশ্যে আত্মসমৰ্পণকাৰী আলফা কেডাৰজনৰ পৰা কোনো ধৰণৰ অস্ত্ৰশস্ত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ।
লগতে পঢ়ক : JK Police and 23 RR Army joint search operation: বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ