ETV Bharat / state

Fraud arrested in Sonari: বেংকৰ নথি-পত্ৰ জালিয়াতি কৰি আটক দুজন - সোণাৰি আৰক্ষীৰ জালত পৰিল জালিয়তি কৰা দুই যুৱক

সোণাৰিত বেংকৰ নথি-পত্ৰ জালিয়তিৰে ৰঙাঘৰৰ আলহী হ’ল দুই যুৱক (Fraud arrested in Sonari) ৷ পলাতক অৱস্থাত আছে তেওঁলোকৰে আৰু দুজন সংগী ৷

police arrested two frauds
আৰক্ষীৰ জালত পৰিল জালিয়তি কৰা দুই যুৱক
author img

By

Published : Dec 16, 2021, 6:24 AM IST

মৰাণ, 15 ডিচেম্বৰ : বেংকত আপুনি ধন জমা থয় ভৱিষ্যৎ সুৰক্ষাৰ বাবে ৷ কিন্তু যেতিয়া বেংকত জমা থোৱা ধনে আপোনাৰ ভৱিষ্যৎ অন্ধকাৰ কৰাৰ উপক্ৰম হয়, তেতিয়া বাৰু কি কৰিব ? অসম্ভৱ যেন লাগিলেও এয়া কিন্তু সঁচা ৷ চৰাইদেউ জিলাৰ সোণাৰিত তেনে এক ঘটনাৰ বাবেই দুজন ৰঙাঘৰতো সোমাব লগীয়া হৈছে ৷

ভাৰতীয় ষ্টেট বেংকৰ দুটা গ্ৰাহক সেৱা কেন্দ্ৰৰ দুজন পৰিচালকে নথি জালিয়তিৰে হৰলুকি কৰে কেইবালাখ টকা (Sonari SBI bank fraud case) ৷ সোণাৰি আৰু ভজো গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালকদ্বয় ক্ৰমে কৰ্ণ দেৱনাথ আৰু আমিৰ আলীৰ সহযোগত মণ্টু সৎনামী আৰু মহেশ সৎনামী নামৰ দুজন যুৱকে সামবটি সৎনামী নামৰ মহিলা গৰাকীৰ একাউণ্টৰ পৰা উলিয়ালে কেইবা লক্ষাধিক টকা ৷

বেংকৰ নথি-পত্ৰ জালিয়াতি কৰি আটক দুজন

এই সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে আৰক্ষীৰ কাষ চাপে মহিলা গৰাকী ৷ মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই কৰ্ণ দেৱনাথ আৰু আমিৰ আলীক আটক কৰিবলৈ সক্ষম হয় (Fraud arrested in Sonari) যদিও আন দুজন বৰ্তমানেও পলাতক অৱস্থাত আছে ৷

আনহাতে, মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সোণাৰি আৰক্ষী থানাত 285/21 নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120 v406/419/420/468/471 ধাৰাত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত মাটি কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.