ETV Bharat / state

মধ্যাহ্ন ভোজনৰ চাউল পুখুৰীত পেলোৱাক লৈ চাঞ্চল্য

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:28 PM IST

চৰাইদেউৰ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই মধ্যহ্ন ভোজনৰ চাউল পেলালে পুখুৰীত । পুখুৰীত পেলাই দিয়াত পঁচা চাউলৰ দুৰ্গন্ধত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে অভাৱনীয় পৰিৱেশৰ । শীঘ্ৰে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী স্থানীয় ৰাইজৰ ।

Tension over dumping of mid-day meal rice into the pond
মধ্যাহ্ন ভোজনৰ চাউল পুখুৰীত পেলোৱাক লৈ চাঞ্চল্য
মধ্যাহ্ন ভোজনৰ চাউল পুখুৰীত পেলোৱাক লৈ চাঞ্চল্য

চৰাইদেউ,১৪ ডিচেম্বৰ: চৰকাৰী বিদ্যালয়সমূহলৈ পৰ্যাপ্ত পৰিমাণৰ চাউল যোগান নধৰা বাবে ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজন যোগান ধৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হোৱা সময়ত চৰাইদেউৰ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই মধ্যাহ্ন ভোজনৰ চাউল পেলালে পুখুৰীত । চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলত আগশাৰী চৰকাৰী শিক্ষানুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ বাবে অহা মধ্যাহ্ন ভোজনৰ চাউল নষ্ট কৰি বিদ্যালয়ৰ চৌহদত থকা এটা পুখুৰী পেলাই দিয়াত উৎকট দুৰ্গন্ধ ওলোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

জানিব পৰা মতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল মজুত কৰি ৰখা গুদামৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই শ্ৰেণীকোঠাৰ সমীপতে থকা এটা পুখুৰীত দুদিনৰ পূৰ্বে কেইবাটাও চাউল ভৰ্তি বস্তা চকীদাৰৰ হতুৱাই পেলাই দিয়ে ৷ যাৰ ফলত নষ্ট চাউলখিনিৰ পৰা বিদ্যালয়ৰ চৌহদত সৃষ্টি হৈছে দূৰ্গন্ধময় পৰিৱেশৰ ৷ ইয়াকে লৈ বৃহস্পতিবাৰে বিদ্যালয়খনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷

গুৰুত্বপূৰ্ণ বিষয় হ'ল যে, ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে দিয়া অন্ন কেনেকৈ নষ্ট হ'বলগীয়া হয় তাকে লৈ স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ৷ একাংশ দল-সংগঠনে বিদ্যালয়ৰ এই ঘটনা পৰ্যবেক্ষণ কৰি বিদ্যালয় কৰ্তৃপক্ষৰ লগতে কৰ্মচাৰীৰ দায়িত্বহীনতাক লৈ ক্ষোভিত হৈ পৰে । ৰাজকোষৰ ধন ব্যয় কৰি চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰা চাউল গুদামৰ ভিতৰতে বস্তাই বস্তাই কেনেকৈ নষ্ট হ'বলৈ পালে তাক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগতে ৰহস্যৰো সৃষ্টি কৰিছে ।

এই ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে । এই ঘটনাক লৈ বিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও ঘটনাক লৈ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যনীয় হ'ব ।

লগতে পঢ়ক: টাই আহোম উন্নয়ন পৰিষদত প্ৰায় 24 কোটি টকাৰ জালিয়াতিৰ অভিযোগ টাইপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.